August 1, 2026 9:36 PM | flood in assam

printer

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২লৈ বৃদ্ধি

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বানত ৩৭৯ খন গাঁৱৰ এক লাখ ৯২ হাজাৰ ৭৯৯ জন লোক প্ৰভাৱিত হৈছে। তদুপৰি ১৫ হাজাৰ ৪৩০ হেক্টৰ কৃষি ভূমি নষ্ট হৈছে। কালি শিৱসাগৰ জিলাত এজন আৰু চৰাইদেউ জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ লৈ বৃদ্ধি পাইছে। 

জিলা প্ৰশাসনৰ লগতে বিভিন্ন ব্যক্তি আৰু সংগঠনে ক্ষতিগ্রস্ত অঞ্চলসমূহত সাহায্য প্ৰদানৰ উপৰি পুনৰ্বাসনৰ ক্ষেত্ৰত নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে। মন্ত্রী বিমল বৰাই আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাত পুনৰ বান পৰিস্থিতি পৰ্যালোচনা কৰে। 

শ্ৰী বৰাই জিলাখনত নতুনকৈ মথাউৰি চিগাৰ আশংকা সম্পৰ্কীয় উৰা বাতৰিক লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰে। সংশ্লিষ্ট বিভাগে দিনে-নিশাই সকলো মথাউৰি পৰ্যবেক্ষণ কৰি আছে বুলি তেওঁ জানিবলৈ দিয়ে।

অৰুণাচল প্ৰদেশত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজিৰ জীয়াধল নৈয়ে বানৰ সৃষ্টি কৰিছে। জীয়াধলৰ বাঢ়নী পানীয়ে বৰদলনি, ধৰ্মপুৰ আৰু কমলপুৰকে ধৰি ভালেমান অঞ্চল জলমগ্ন কৰি তোলাৰ লগতে বিস্তীর্ণ কৃষিভূমি বুৰাই পেলাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।