August 5, 2026 11:37 AM | flood in assam

printer

অসমৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ ১০লৈ বৃদ্ধি

বিগত ২৪ ঘণ্টাত অসমৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ ১০লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে।

সম্প্ৰতি ১০খন জিলা গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। এই বানত ২৮টা ৰাজহ চক্ৰৰ ৩৬৫ খন গাঁৱৰ ১৫ হাজাৰ ৩৪২ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। একেদৰে ১ লাখ ২২ হাজাৰৰো অধিক লোক সম্প্ৰতি বান প্ৰভাৱিত হৈ আছে।

কালি শিৱসাগৰ আৰু গোলাঘাট জিলাত দুটা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৯ লৈ বৃদ্ধি পাইছে।