ৰাষ্ট্ৰীয়

June 19, 2026 12:17 PM

views 34

কাইলৈ প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিৰ ২৩ সংখ্যক কিস্তি মুকলি

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ হুগলী জিলাৰ তাৰকেশ্বৰত কাইলৈ প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ২৩ সংখ্যক কিস্তি মুকলি কৰিব। কৃষি আৰু কৃষক কল্যাণ মন্ত্র্যালয়ে জনায় যে, এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ প্ৰায় ৯ কোটি ৪৪ লাখ কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ১৮ হাজাৰ ৮৮০ কোটিতকৈও অধিক টকা জমা হ'ব। এ...

June 19, 2026 12:12 PM

views 26

বিশ্বৰ বিশ্বাসযোগ্য সহযোগী হিচাপে ভাৰতৰ উত্থান হৈছে : প্রধানমন্ত্রী

বিশ্বৰ বিশ্বাসযোগ্য সহযোগী হিচাপে ভাৰতৰ উত্থান হৈছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। পেৰিছত যোৱা নিশা প্রবাসী ভাৰতীয়সকলৰ সমাৱেশত ভাষণ দি শ্রী মোদীয়ে কয়, যে এসময়ত অকল ব্যৱসায়ৰ ভিত্তিত বিভিন্ন দেশৰ মাজৰ সম্পৰ্ক নির্ধাৰণ হৈছিল যদিও সম্প্রতি ব্যৱসায়ৰ লগতে বিশ্বাসো সমানে গুৰুত্বপূৰ্ণ হৈ প...

June 19, 2026 12:05 PM

views 30

সফল ফ্রান্স ভ্রমণ সামৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নতুন দিল্লীলৈ ৰাওনা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী সফল ফ্রান্স ভ্রমণ সামৰি নতুন দিল্লীলৈ বুলি ৰাওনা হৈছে। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে কয়, যে অনাগত সময়ত ভাৰত আৰু ফ্ৰান্সৰ মাজৰ মিত্ৰতা অধিক শক্তিশালী হ'ব। তেওঁ কয়, যে ফ্ৰান্সৰ এই যাত্রাই ভালেমান ক্ষেত্ৰত গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰাত সহায় কৰিছে। নিচত ভাৰত উদ্ভাৱন কাৰ্যসূচ...

June 18, 2026 8:38 PM

views 22

নতুন দিল্লীত পশ্চিম এছিয়াৰ শেহতীয়া পৰিঘটনা সন্দর্ভত আন্তঃমন্ত্র্যালয় পর্যায়ৰ বৈঠক

কেন্দ্ৰীয় চৰকাৰে কয়, যে দেশৰ সকলো তেল শোধনাগাৰে প্ৰয়োজনীয় উচ্চ ক্ষমতাৰে কাম কৰি আছে আৰু পেট্রল আৰু ডিজেলো পর্যপ্ত পৰিমাণে মজুত ৰখা হৈছে। আজি নতুন দিল্লীত পশ্চিম এছিয়াৰ শেহতীয়া পৰিঘটনা সন্দর্ভত আন্তঃমন্ত্র্যালয় পর্যায়ৰ এখন বৈঠকত ভাষণ প্ৰদান কৰি পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্রালয়ৰ যুটীয়া সচিব সুজা...

June 18, 2026 8:34 PM

views 19

নীট ইউ জিৰ পুনৰ পৰীক্ষাৰ প্ৰস্তুতিৰ মূল্যায়নৰ বাবে উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানৰ অধ্যক্ষতাত আজি অহা দেওবাৰে অনুষ্ঠিত হ'বলগীয়া নীট ইউ জিৰ পুনৰ পৰীক্ষাৰ প্ৰস্তুতিৰ মূল্যায়নৰ বাবে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত মন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ ব্যৱস্থাটো সততা, স্বচ্ছতা আৰু দক্ষতাৰ মান বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ...

June 18, 2026 8:28 PM

views 16

পেৰিছত ফ্ৰান্সৰ আগশাৰীৰ ব্যৱসায়ীসকলৰে প্ৰধানমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ বৈঠক

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত অর্থনৈতিক আৰু ঔদ্যোগিক সহযোগিতা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি পেৰিছত ফ্ৰান্সৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতে উচ্চ পৰ্যায়ৰ এলানি বৈঠকত মিলিত হয়। শ্রী মোদীয়ে ছেইন্ট গোবনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া বেনইট বাজিনক সাক্ষাৎ কৰে। আলোচনাত সামগ্রী আৰু...

June 18, 2026 8:23 PM

views 13

তিনি দিনীয়া কাৰ্যসূচীৰে কাইলৈ উপ-ৰাষ্ট্ৰপতিৰ লাডাখৰ লেহ ভ্ৰমণ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনি দিনীয়া ভ্রমণসূচীৰে কাইলৈ লাডাখৰ লেহত উপস্থিত হ'ব। চলিত মাহৰ ২১ তাৰিখলৈ এই কেন্দ্রীয় শাসিত অঞ্চলটোত প্রথম আনুষ্ঠানিক ভ্রমণ কাৰ্যসূচীত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্রহণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লুকুং...

June 18, 2026 3:29 PM

views 13

বিগত দশকত ভাৰতে শিক্ষা, দক্ষতা, উদ্যমিতা, ক্রীড়া, স্বাস্থ্য আৰু অসামৰিক অংশগ্ৰহণৰ ক্ষেত্ৰত যুৱক-যুৱতীৰ সুযোগ বৃদ্ধি কৰিছেঃ ক্ৰীড়ামন্ত্ৰী মনসুখ মন্দাভিয়া

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই বিগত দশকত ভাৰতে শিক্ষা, দক্ষতা, উদ্যমিতা, ক্রীড়া, স্বাস্থ্য আৰু অসামৰিক অংশগ্ৰহণৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলৰ বাবে সুযোগ বৃদ্ধি কৰিছে বুলি প্ৰকাশ কৰিছে।  এখন ৰাষ্ট্ৰীয় দৈনিক কাকতত প্ৰকাশিত এটা লেখাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ যুৱচামক অ...

June 18, 2026 3:27 PM

views 18

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ যোৱা ১২ বছৰক উন্নয়ন আৰু ঐতিহ্যৰ সংগমৰ সোণালী যুগ হিচাপে আখ্যা গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ যোৱা ১২ বছৰক উন্নয়ন আৰু ঐতিহ্যৰ সংগমৰ সোণালী যুগ হিচাপে আখ্যা দিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে যোৱা ১২ বছৰত শ্ৰী ৰাম জন্মভূমি মন্দিৰ, কাশী-বিশ্বনাথ কৰিড'ৰ আৰু উজ্জ্বয়িন মহাকাল লোকৰ নিৰ্মাণ সম্পূৰ্ণ ...

June 18, 2026 3:18 PM

views 21

পাঁচদিনীয়া ভ্ৰমণসূচীৰে মধ্য প্ৰদেশ আৰু ওড়িশালৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু পাঁচদিনীয়া ভ্ৰমণসূচীৰে আজি মধ্য প্ৰদেশ আৰু ওড়িশালৈ গৈছে। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত তেওঁক আজি ইণ্ডোৰ বিমান বন্দৰত মধ্য প্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল আৰু মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে আদৰণি জনায়।  শ্ৰীমতী মুৰ্মু ইণ্ডোৰৰ পৰা পোনে পোনে বেতুললৈ যায় আৰু তাত তেওঁ প্ৰজাপিতা ব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।