নতুন দিল্লীত পশ্চিম এছিয়াৰ শেহতীয়া পৰিঘটনা সন্দর্ভত আন্তঃমন্ত্র্যালয় পর্যায়ৰ বৈঠক

কেন্দ্ৰীয় চৰকাৰে কয়, যে দেশৰ সকলো তেল শোধনাগাৰে প্ৰয়োজনীয় উচ্চ ক্ষমতাৰে কাম কৰি আছে আৰু পেট্রল আৰু ডিজেলো পর্যপ্ত পৰিমাণে মজুত ৰখা হৈছে। আজি নতুন দিল্লীত পশ্চিম এছিয়াৰ শেহতীয়া পৰিঘটনা সন্দর্ভত আন্তঃমন্ত্র্যালয় পর্যায়ৰ এখন বৈঠকত ভাষণ প্ৰদান কৰি পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্রালয়ৰ যুটীয়া সচিব সুজাতা শর্মাই কয়, যে বিগত তিনিদিনত ১.৩৬ কোটি বন্ধন গেছৰ চিলিণ্ডাৰৰ বুকিং লাভ কৰা হৈছে আৰু ১.৪৭ কোটি চিলিণ্ডাৰ বিতৰণ কৰা হৈছে। এই সময়ছোৱাত প্রায় ২২,৯৪৫ টন বাণিজ্যিক এল পি জি চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে। পি এন জিৰ সম্প্ৰসাৰণ সন্দৰ্ভত সচিবগৰাকীয়ে কয়, যে মাৰ্চৰ পৰা এতিয়ালৈকে ১০.০২ লাখ পি এন জিৰ সংযোগ কৰা হৈছে আৰু ৩.২২ লাখ অতিৰিক্ত সংযোগৰ বাবে আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে। তদুপৰি ৯.৯৪ লাখ নতুন গ্রাহকে এই ব্যৱস্থাৰ বাবে পঞ্জীয়ন কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।