June 18, 2026 8:38 PM
15
নতুন দিল্লীত পশ্চিম এছিয়াৰ শেহতীয়া পৰিঘটনা সন্দর্ভত আন্তঃমন্ত্র্যালয় পর্যায়ৰ বৈঠক
কেন্দ্ৰীয় চৰকাৰে কয়, যে দেশৰ সকলো তেল শোধনাগাৰে প্ৰয়োজনীয় উচ্চ ক্ষমতাৰে কাম কৰি আছে আৰু পেট্রল আৰু ডিজেলো পর্যপ্ত পৰিমাণে মজুত ৰখা হৈছে। আজি নতুন দিল্লীত পশ্চিম এছিয়াৰ শেহতীয়া পৰিঘটনা সন্দর্ভত আন্তঃমন্ত্র্যালয় পর্যায়ৰ এখন বৈঠকত ভাষণ প্ৰদান কৰি পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্রালয়ৰ যুটীয়া সচিব সুজাতা শর্মাই কয়, যে বিগত তিনিদিনত ১.৩৬ কোটি বন্ধন গেছৰ চিলিণ্ডাৰৰ বুকিং লাভ কৰা হৈছে আৰু ১.৪৭ কোটি চিলিণ্ডাৰ বিতৰণ কৰা হৈছে। এই সময়ছোৱাত প্রায় ২২,৯৪৫ টন বাণিজ্যিক এল পি জি চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে। পি এ...