June 19, 2026 12:05 PM | PM Return

printer

সফল ফ্রান্স ভ্রমণ সামৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নতুন দিল্লীলৈ ৰাওনা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী সফল ফ্রান্স ভ্রমণ সামৰি নতুন দিল্লীলৈ বুলি ৰাওনা হৈছে। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে কয়, যে অনাগত সময়ত ভাৰত আৰু ফ্ৰান্সৰ মাজৰ মিত্ৰতা অধিক শক্তিশালী হ’ব। তেওঁ কয়, যে ফ্ৰান্সৰ এই যাত্রাই ভালেমান ক্ষেত্ৰত গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰাত সহায় কৰিছে। নিচত ভাৰত উদ্ভাৱন কাৰ্যসূচীৰ উদ্বোধনেৰে আৰম্ভ হোৱা এই যাত্ৰাৰ পৰৱৰ্তী পৰ্যায়ত প্রধানমন্ত্রীয়ে এভিয়ানত অনুষ্ঠিত জি-ছেভেন ৰাষ্ট্ৰগোষ্ঠীৰ শীর্ষ সন্মিলনত ভাগ লয়। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে পেৰিছত আয়োজিত ভিভাটেক শীর্ষ সম্মিলন আৰু এটা সমূহীয়া অনুষ্ঠানত অংশ লয়। তেওঁ লগতে কেইবাগৰাকীও আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াক দেখা কৰে। শ্রী মোদীয়ে ফ্রান্সত লাভ কৰা আতিথ্যৰ বাবে ৰাষ্ট্ৰপতি ইমানুবেল মেক্ৰ’ আৰু দেশখনৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধিৰ জয়ছোৱালে এটা বিবৃতি যোগে কয়, যে প্রধানমন্ত্রী মোদীৰ এই সফল ভ্রমণে ভাৰত আৰু ফ্ৰান্সৰ মাজৰ বিশেষ গোলকীয় কৌশলগত সহযোগিতাত গতি প্রদান কৰিছে আৰু গুৰুত্বপূৰ্ণ ক্ষেত্রসমূহত সহযোগিতা বৃদ্ধিৰ প্ৰতি থকা দেশ দুখনৰ প্ৰতিশ্রুতিবদ্ধতা অধিক সুদৃঢ় কৰি তুলিছে। ভ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্র’ই প্রধানমন্ত্রী মোদীৰ ফ্ৰান্স যাত্ৰাৰ সমাপনৰ সময়ত হিন্দীত এটা বিশেষ বিদায় ভিডিতা বাণিবদ্ধ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।