প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ হুগলী জিলাৰ তাৰকেশ্বৰত কাইলৈ প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ২৩ সংখ্যক কিস্তি মুকলি কৰিব। কৃষি আৰু কৃষক কল্যাণ মন্ত্র্যালয়ে জনায় যে, এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ প্ৰায় ৯ কোটি ৪৪ লাখ কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ১৮ হাজাৰ ৮৮০ কোটিতকৈও অধিক টকা জমা হ’ব। এই আঁচনিৰ জৰিয়তে প্রায় দুই কোটি ১৮ লাখ মহিলা কৃষকো উপকৃত হ’ব। মন্ধ্যালয়ে জনায় যে, ২০১৯ বর্ষত আৰম্ভ হোৱা এই আঁচনিৰ জৰিয়তে এতিয়ালৈকে চাৰি কোটি ৪৪ লাখ টকা কৃষকৰ একাউণ্টত জনা কৰা হৈছে। এই অনুষ্ঠানত প্ৰধাৰমন্ত্ৰীগৰীয়ে লগতে পশ্চিমবংগৰ কেইবাটাও গুৰুত্বপূৰ্ণ কৃষি প্রকল্প উদ্বোধন কৰিব। ইয়াৰ ভিতৰত প্রধানমন্ত্রী ফচল বীমা যোজনা অন্যতম। শ্রী মোদীয়ে লগতে ডিজিটেল কৃষি মিছনৰ অধীনত এগ্রিস্টেক পার্টেল মুকলি কৰিব। উল্লেখযোগ্য যে, এই মঞ্চৰ জৰিয়তে শস্য বীমা, ঋণ, সাৰ বিতৰণ আদিৰ দৰে সেৱাসমূহ কৃষকসকলৰ বাবে সহজতে উপলব্দ। প্রধানমন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্যখনত প্রাকৃতিক কৃষি পদ্ধতিৰ ৰাষ্ট্ৰীয় মিছনৰ উদ্বোধন কৰিব। ইয়াৰ উপৰি পুৰুলীয়া, দার্জিলিং, আলিপুৰদুৱাৰ আৰু ঝাৰগ্ৰাম জিলাত কৃষিৰ ক্ষেত্ৰত উৎপাদনশীলতা বৃদ্ধি, জনসিঞ্চন, আন্তঃগাঁথনি শক্তিশালী কৰা, কৃষকৰ আনুষ্ঠানিক ঋণৰ সুবিধা উন্নত কৰাৰ বাবে প্রধানমন্ত্রী ধন্যধান্য কৃষি যোজনা মুকলি কৰিব। কৃষি মন্ত্র্যালয়ে জনায় যে, সমগ্র দেশত পি এম কিষাণ উৎসব দিৱস হিচাপে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ’ব, য’ত এক কোটিৰো অধিক কৃষকে ভিডিঅ কনফাৰেপিঙৰ জৰিয়তে মূল অনুষ্ঠানত ভাগ ল’ব।
Assamese | June 19, 2026 12:17 PM | Kishan Sanman Nidhi
কাইলৈ প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিৰ ২৩ সংখ্যক কিস্তি মুকলি