June 18, 2026 8:28 PM | PM Meet in Franch

printer

পেৰিছত ফ্ৰান্সৰ আগশাৰীৰ ব্যৱসায়ীসকলৰে প্ৰধানমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ বৈঠক

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত অর্থনৈতিক আৰু ঔদ্যোগিক সহযোগিতা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি পেৰিছত ফ্ৰান্সৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতে উচ্চ পৰ্যায়ৰ এলানি বৈঠকত মিলিত হয়। শ্রী মোদীয়ে ছেইন্ট গোবনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া বেনইট বাজিনক সাক্ষাৎ কৰে। আলোচনাত সামগ্রী আৰু নিৰ্মাণ খণ্ডৰ সুযোগ, সেউজ উৎপাদন আৰু বহনক্ষম আন্তঃগাঁথনি সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী মোদীয়ে কয়, যে ভাৰতত ছেইণ্ট গোবনৰ শক্তিশালী উপস্থিতি আৰু বিনিয়োগে ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে সুযোগ সৃষ্টি কৰিছে। ছেইণ্ট গোবনৰ অধ্যক্ষগৰাকীয়ে ভাৰতত অধিক বিনিয়োগ আৰু সম্প্ৰসাৰণৰ বাবে পৰিকল্পনা সন্দৰ্ভত মত ব্যক্ত কৰে।

ইয়াৰ পাছতে প্রধানমন্ত্রীয়ে অলষ্টমৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্টিৰ ছিয়নক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত বৈদেশিক পৰিক্ৰমা ম্যালয়ে কয়, যে আহ-যাহৰ অত্যাধুনিক মাধ্যম আৰু ৰে’লৰ আধুনিকীকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। আলোচনাৰ সময়ছোৱাত শ্রী মোদীয়ে ভাৰতত অলস্ট্রমৰ উল্লেখযোগ্য বিনিয়োগ আৰু শক্তিশালী উপস্থিতিয়ে ভাৰতৰ ৰে’ল খণ্ডৰ আধুনিকীকৰণ আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিছে বুলি মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।