বিশ্বৰ বিশ্বাসযোগ্য সহযোগী হিচাপে ভাৰতৰ উত্থান হৈছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। পেৰিছত যোৱা নিশা প্রবাসী ভাৰতীয়সকলৰ সমাৱেশত ভাষণ দি শ্রী মোদীয়ে কয়, যে এসময়ত অকল ব্যৱসায়ৰ ভিত্তিত বিভিন্ন দেশৰ মাজৰ সম্পৰ্ক নির্ধাৰণ হৈছিল যদিও সম্প্রতি ব্যৱসায়ৰ লগতে বিশ্বাসো সমানে গুৰুত্বপূৰ্ণ হৈ পৰিছে। প্রধানমন্ত্রীয়ে কয়, যে প্ৰতিখন ৰাষ্ট্ৰই নিৰ্ভৰযোগ্য যোগান শৃংখলা আৰু সুস্থিৰ সহযোগিতা বিচাৰে। প্ৰতিখন ৰাষ্ট্ৰ দীর্ঘকালৰ বাবে বিশ্বাস কৰিব পৰা সহযোগী সন্ধানত ব্রতী হোৱা বুলি তেওঁ উল্লেখ কৰে।
শ্রী মোদীয়ে কয়, যে দেশে ভবিষ্যৎ প্রজন্মৰ বাবে বিকাশ উদ্ভাৱন আৰু সুযোগ সৃষ্টি কৰিব পৰা খণ্ডসমূহত বিনিয়োগ কৰি আছে। এয়া ভাৰতৰ যাত্ৰাৰ নিৰ্ণায়ক সময় বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে বৰ্তমান দেশৰ আশা-আকাংক্ষা নতুন শিখৰত উপনীত হৈছে। এভিয়ানত অনুষ্ঠিত জি-ছেভেন ৰাষ্ট্ৰগোষ্ঠীৰ শীর্ষ সন্মিলনত আস্থা আধাৰিত সহযোগিতাত গুৰুত্ব আৰোপ কৰা বুলি শ্রী মোদীয়ে উল্লেখ কৰে। তেওঁ কয়, যে জি ছেভেন শীর্ষ সম্মিলনত সর্বাত্মক হ’লেহে গোলকীয় প্রশাসন ফলপ্রসূ হ’ব বুলি ভাৰতে স্পষ্ট বার্তা দিছে। তেওঁ লগতে কয়, যে সমূহীয়াভাবে আগবাঢ়িলেহে বিকাশ স্থায়ী হ’ব আৰু নিৰ্ভৰযোগ্য প্রযুক্তিহে সঁচা অর্থাৎ মানৱ জাতিৰ উপকাৰ সাধন কৰিব। বিশ্ব সম্প্রতি অনিশ্চয়তা আৰু অন্তৰায়ৰ সন্মুখীন হৈছে বুলি শ্রী মোদীয়ে মন্তব্য কৰে। প্রধানমন্ত্রীয়ে কয়, যে এই প্রত্যাহ্বানপূর্ণ সময়ত ভাৰত আৰু ফ্ৰান্সৰ মাজত অংশীদাৰিত্ব আস্থা, সুস্থিৰতা আৰু সহযোগিতাৰ শক্তিশালী স্তম্ভৰূপে পৰিগণিত হৈছে। তেওঁ কয়, যে দুয়ো পক্ষই উভয় দেশৰ মাজৰ সম্পৰ্কক বিশেষ গোলকীয় কৌশলগত সহযোগিতালৈ উন্নীত কৰিছে। দুয়োখন দেশে অহা বছৰ তৃষ্ণা নামৰ এটা কৃত্রিম উপগ্রহ উৎক্ষেপণ কৰিব বুলি প্রধানমন্ত্রীয়ে প্রকাশ কৰে। এই উপগ্ৰহটোৱে বিশ্বৰ জল আৰু খাদ্য সুৰক্ষা সুনিশ্চিত কৰাত অৰিহণা যোগাব বুলি তেওঁ কয়।
বৰ্তমানৰ বিজেপি চৰকাৰে ১২ বছৰ সম্পূৰ্ণ কৰাৰ সময়ত ফ্ৰান্সত উপস্থিত হোৱাৰ বিষয়ে উল্লেখ কৰি শ্রী মোদীয়ে কয়, যে ভাৰতত যোৱা ১২ বছৰত বিভিন্ন ক্ষেত্ৰত আমূল পৰিৱৰ্তন হৈছে। প্রধানমন্ত্রীয়ে কয়, যে আর্থিক বিকাশৰ উপৰি ভাৰতৰ এই যাত্রাই জনসাধাৰণৰ সৱলীকৰণ আৰু তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাত বিশেষভাবে সহায় কৰিছে।