June 19, 2026 12:12 PM
22
বিশ্বৰ বিশ্বাসযোগ্য সহযোগী হিচাপে ভাৰতৰ উত্থান হৈছে : প্রধানমন্ত্রী
বিশ্বৰ বিশ্বাসযোগ্য সহযোগী হিচাপে ভাৰতৰ উত্থান হৈছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। পেৰিছত যোৱা নিশা প্রবাসী ভাৰতীয়সকলৰ সমাৱেশত ভাষণ দি শ্রী মোদীয়ে কয়, যে এসময়ত অকল ব্যৱসায়ৰ ভিত্তিত বিভিন্ন দেশৰ মাজৰ সম্পৰ্ক নির্ধাৰণ হৈছিল যদিও সম্প্রতি ব্যৱসায়ৰ লগতে বিশ্বাসো সমানে গুৰুত্বপূৰ্ণ হৈ পৰিছে। প্রধানমন্ত্রীয়ে কয়, যে প্ৰতিখন ৰাষ্ট্ৰই নিৰ্ভৰযোগ্য যোগান শৃংখলা আৰু সুস্থিৰ সহযোগিতা বিচাৰে। প্ৰতিখন ৰাষ্ট্ৰ দীর্ঘকালৰ বাবে বিশ্বাস কৰিব পৰা সহযোগী সন্ধানত ব্রতী হোৱা বুলি তেওঁ উল্লেখ কৰে। শ্রী...