কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানৰ অধ্যক্ষতাত আজি অহা দেওবাৰে অনুষ্ঠিত হ’বলগীয়া নীট ইউ জিৰ পুনৰ পৰীক্ষাৰ প্ৰস্তুতিৰ মূল্যায়নৰ বাবে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত মন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ ব্যৱস্থাটো সততা, স্বচ্ছতা আৰু দক্ষতাৰ মান বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পুনৰ পৰীক্ষাৰ আসোৱাহমুক্ত আৰু সঠিক পৰিচালনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা অনুষ্ঠিত কৰিবলৈ তেওঁ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে। তেওঁ লগতে কয়, যে শিক্ষা মন্ত্র্যালয়ে নিযুক্তি প্ৰদান কৰা বিষয়াসকলক পৰীক্ষা ব্যৱস্থাটোৰ বিভিন্ন কামকাজত সমন্বয় ৰক্ষাৰ বাবে বিভিন্ন ৰাজ্যত নিয়োগ কৰা হ’ব আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধানৰ নেতৃত্বত গঠিত কেন্দ্রত প্রতিবেদন দাখিল কৰা হ’ব।
বৈঠকৰ সময়ত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ পৰীক্ষাৰ্থীসকলক মানসিক চাপমুক্ত পৰিৱেশত পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰাকৈ উপযুক্ত আসনৰ ব্যৱস্থা, খোৱাপানী, নিৰাপত্তা ব্যবস্থা, অভিযোগ নিৰাময় ব্যৱস্থাকে ধৰি বিভিন্ন ক্ষেত্ৰত প্রয়োজনীয় সুবিধা প্রদান কৰাটো সুনিশ্চিত কৰিবলৈ কোৱা হয়। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্রধান অভিষেক সিঙে পৰীক্ষা সূচাৰুৰূপে পৰিচালিত কৰাৰ বাবে জিলা প্রশাসন, আৰক্ষী বিভাগ আৰু চোৰাংচোৱা সংস্থাসমূহৰ সৈতে যোগাযোগ অব্যাহত ৰাখি আছে বুলি অৱগত কৰে।
বৈঠকত শিক্ষা মন্ত্ৰ্যালয়, ৰাজ্য চৰকাৰ, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা আৰু বিভিন্ন উচ্চ শিক্ষানুষ্ঠানৰ জ্যেষ্ঠ বিষয়াসকলকে ধৰি প্ৰায় ২২০ গৰাকীতকৈ অধিক বিষয়াই সভাত অংশগ্ৰহণ কৰে।