June 18, 2026 8:34 PM

views 12

নীট ইউ জিৰ পুনৰ পৰীক্ষাৰ প্ৰস্তুতিৰ মূল্যায়নৰ বাবে উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানৰ অধ্যক্ষতাত আজি অহা দেওবাৰে অনুষ্ঠিত হ'বলগীয়া নীট ইউ জিৰ পুনৰ পৰীক্ষাৰ প্ৰস্তুতিৰ মূল্যায়নৰ বাবে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত মন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ ব্যৱস্থাটো সততা, স্বচ্ছতা আৰু দক্ষতাৰ মান বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পুনৰ পৰীক্ষাৰ আসোৱাহমুক্ত আৰু সঠিক পৰিচালনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা অনুষ্ঠিত কৰিবলৈ তেওঁ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে। তেওঁ লগতে কয়, যে শিক্ষা মন্ত্র্যালয়ে নিযুক্তি প্ৰদান কৰা বিষয়াসক...