June 18, 2026 3:18 PM | murmu mp

printer

পাঁচদিনীয়া ভ্ৰমণসূচীৰে মধ্য প্ৰদেশ আৰু ওড়িশালৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু পাঁচদিনীয়া ভ্ৰমণসূচীৰে আজি মধ্য প্ৰদেশ আৰু ওড়িশালৈ গৈছে। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত তেওঁক আজি ইণ্ডোৰ বিমান বন্দৰত মধ্য প্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল আৰু মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে আদৰণি জনায়।

 শ্ৰীমতী মুৰ্মু ইণ্ডোৰৰ পৰা পোনে পোনে বেতুললৈ যায় আৰু তাত তেওঁ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে আয়োজন কৰা আধ্যাত্মিক সজাগতাৰ জৰিয়তে জনজাতীয় সম্প্রদায়সমূহৰ সবলীকৰণ শীৰ্ষক এটা অনুষ্ঠানত অংশ লয়। 

ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত কয় যে জনজাতীয় সম্প্ৰদায়ৰ সবলীকৰণৰ লক্ষ্যৰে আয়োজন কৰা এই অনুষ্ঠান কেৱল এই খণ্ডৰ বাবে নহয়, বৰঞ্চ সমগ্ৰ দেশ তথা সমাজৰ বাবে গুৰুত্বপূৰ্ণ। তেওঁ ব্ৰহ্মকুমাৰীৰ এই পদক্ষেপৰ শলাগ লৈ কয় যে ইয়াৰ জৰিয়তে জনজাতীয় লোকসকলক দেশৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাত সহায় কৰিব। তেওঁ কয় যে স্বামী বিবেকানন্দকে ধৰি কেইবাগৰাকী চিন্তাবিদে ভাৰতক মানৱতা আৰু সৰ্বাংগীন বিকাশৰ পথ প্ৰদৰ্শক বুলি অভিহিত কৰিছিল।

 জনজাতীয় লোকসকলৰ জীৱন প্ৰণালী প্ৰাকৃতিকভাৱে প্ৰকৃতি আৰু আধ্যাত্মিকতাৰ সৈতে জড়িত বুলি উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে জনজাতীয় সমাজে পৃথিৱী, পানী, বায়ু, সূৰ্য আৰু প্ৰকৃতিৰ অন্যান্য উপাদানসমূহৰ সন্মান কৰে আৰু ইয়াৰ সংৰক্ষণ কৰাটো তেওঁলোকৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচেনা কৰে।

 সমাজে পৰিবেশ সংৰক্ষণ আৰু প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি জীয়াই থকাৰ বিষয়ে জনজাতীয় সম্প্ৰদায়ৰ পৰা শিকিব পাৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে বিকশিত ভাৰতৰ লক্ষ্য প্রাপ্তিৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ সম-উন্নয়ন অতি গুৰুত্বপূৰ্ণ ।