June 18, 2026 3:18 PM

views 17

পাঁচদিনীয়া ভ্ৰমণসূচীৰে মধ্য প্ৰদেশ আৰু ওড়িশালৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু পাঁচদিনীয়া ভ্ৰমণসূচীৰে আজি মধ্য প্ৰদেশ আৰু ওড়িশালৈ গৈছে। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত তেওঁক আজি ইণ্ডোৰ বিমান বন্দৰত মধ্য প্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল আৰু মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে আদৰণি জনায়।  শ্ৰীমতী মুৰ্মু ইণ্ডোৰৰ পৰা পোনে পোনে বেতুললৈ যায় আৰু তাত তেওঁ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে আয়োজন কৰা আধ্যাত্মিক সজাগতাৰ জৰিয়তে জনজাতীয় সম্প্রদায়সমূহৰ সবলীকৰণ শীৰ্ষক এটা অনুষ্ঠানত অংশ লয়।  ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত কয় যে জনজাতীয় সম্প্ৰদায়ৰ সব...