আন্তৰ্জাতিক সংবাদ

December 30, 2025 8:06 PM

views 68

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বাসভৱনত ইউক্রেইনে আক্রমণ চলোৱাৰ উত্থাপিত অভিযোগ সন্দৰ্ভত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উদ্বিগ্নতা প্রকাশ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বাসভৱনত ইউক্রেইনে আক্রমণ চলোৱাৰ উত্থাপিত অভিযোগ সন্দৰ্ভত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্বিগ্নতা প্রকাশ কৰিছে। সামিজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত শ্রীমোদীয়ে শত্রুতাৰ অৱসান ঘটাই স্থায়ী শান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত কূটনৈতিক আলোচনাৰ পথেই উৎকৃষ্ট বুলি মত...

December 30, 2025 10:24 AM

views 72

ইণ্ডোনেছিয়াত চুলাৱেছি দ্বীপৰ মানাডো চহৰৰ এটা অৱসৰ গৃহত অগ্নিকাণ্ডৰ ফলত ১৬ জন লোকৰ মৃত্যু

ইণ্ডোনেছিয়াত চুলাৱেছি দ্বীপৰ মানাডো চহৰৰ এটা অৱসৰ গৃহত অগ্নিকাণ্ডৰ ফলত ১৬ জন লোকৰ মৃত্যু হয়। আজি মানাডো আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি, যোৱা পৰহি নিশা উত্তৰ চুলাৱেছি প্ৰদেশৰ ৱেৰ্ধা দমাই অৱসৰ গৃহত বাসিন্দাসকল শুই থকাৰ সময়তে অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত ১৫ জন বাসিন্দাৰ মৃত্যু হোৱাৰ লগতে এজন ...

December 28, 2025 10:19 AM

views 75

ম্যানমাৰত আজি সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্রহণ

ম্যানমাৰত আজি সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্রহণ অনুষ্ঠিত হ'ব। তিনিটা পৰ্যায়ত হ'বলগীয়া এই নিৰ্বাচনত দ্বিতীয় পৰ্যায়ৰ বাবে ১১ জানুৱাৰীত, আৰু তৃতীয় পৰ্যায়ৰ বাবে ২৫ জানুৱাৰী ভোট গ্রহণ কৰা হ'ব। দেশখনত সামৰিক অভ্যূত্থানৰ বাবে নবেল বঁটা প্ৰাপক আং-চাং-ছ্যু কি চৰকাৰৰ পতনৰ পাঁচ বছৰ পাছত সাধাৰণ নি...

December 27, 2025 8:15 PM

views 74

ইউক্রেইনৰ ৰাজধানী কীভত যোৱানিশা ৰাছিয়াৰ আক্ৰমণত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে ২৭ জন আহত

ইউক্রেইনৰ ৰাজধানী কীভত যোৱানিশা ৰাছিয়াই কৰা আক্ৰমণত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে ২৭ জন আহত হৈছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে ইউক্রেইনৰ শক্তি, আন্তঃগাঁথনি আৰু সেনা ঔদ্যোগিক ব্যৱস্থাসমূহ ধ্বংস কৰাৰ উদ্দেশ্যে ৰাছিয়াৰ সেনাবাহিনীয়ে এই আক্ৰমণত দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ, ক্ষেপনাস্ত্ৰৰ লগতে ড...

December 27, 2025 8:13 PM

views 62

টাইৱানক অস্ত্ৰ-শস্ত্ৰ বিক্ৰীৰ ক্ষেত্ৰত ১০ গৰাকী ব্যক্তি আৰু ২০ টা আমেৰিকাৰ প্ৰতিৰক্ষা কোম্পানীৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ চীনৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ

চীনৰ বৈদেশিক মন্ত্ৰ্যালয়ে টাইৱানক অস্ত্ৰ-শস্ত্ৰ বিক্ৰী কৰাৰ ক্ষেত্ৰত ১০ গৰাকী ব্যক্তি আৰু ২০ টা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা কোম্পানীৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে বুলি ঘোষণা কৰিছে। ব্যক্তিসকলৰ ভিতৰত প্ৰতিৰক্ষা কোম্পানী এণ্ডুৰিল ইণ্ডাষ্ট্রীজৰ প্ৰতিষ্ঠাপক আৰু প্ৰতিবন্ধকতা আৰোপ কৰা ৯ টা কোম্পানীৰ...

December 27, 2025 8:08 PM

views 76

বাংলাদেশৰ মাদ্ৰাছাত সংঘটিত বোমা বিস্ফোৰণত ২ গৰাকী মহিলা আৰু দুটি শিশুকে ধৰি ৪ গৰাকী লোক আঘাতপ্ৰাপ্ত

Bangladeshবাংলাদেশৰ কেৰাণিগঞ্জৰ হাছনাবাদ অঞ্চলৰ ওম্মাল কুৱাৰা আন্তঃৰাষ্ট্ৰীয় মাদ্ৰাছাত আজি দুপৰীয়া সংঘটিত এটা বোমা বিস্ফোৰণত দুগৰাকী মহিলা আৰু দুটি শিশুকে ধৰি চাৰিগৰাকী লোক আঘাতপ্ৰাপ্ত হয়। কেৰাণিগঞ্জ আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জনোৱা মতে বিস্ফোৰণ সংঘটিত হোৱা অঞ্চলটোত তালাচী অভিযান অব্যাহ...

December 27, 2025 8:04 PM

views 54

পাকিস্তানী সেনাৰ ওপৰত চলোৱা দুটা পৃথক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচিস্তান লিবাৰেচন ফ্ৰণ্টৰ

বেলুচিস্তান লিবাৰেচন ফ্ৰণ্ট চমুকৈ বি এল এফে পাকিস্তানী সেনাৰ ওপৰত চলোৱা দুটা পৃথক আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এটা বিবৃতিত সংগঠনটোৰ মুখপাত্রই যোৱা বৃহস্পতিবাৰে ছোৰাব বজাৰত যুটীয়া সীমান্ত বাহিনী আৰু আৰক্ষী পহৰা চকীত সংঘটিত আক্রমণ বি এল এফে চলোৱা বুলি স্বীকাৰ কৰিছে। একেদিনাই অ’ৰমাৰাৰ বাছুল অঞ্চলত ...

December 27, 2025 7:40 PM

views 64

থাইলেণ্ড আৰু কম্বোডিয়াই সীমান্তৰ বিবাদক লৈ চলি থকা সংঘাতৰ সাময়িকভাৱে অন্ত পেলাই যুদ্ধ বিৰতি চুক্তিত উপনীত হৈছে

থাইলেণ্ড আৰু কম্বোডিয়াই সীমান্তৰ বিবাদক লৈ চলি থকা সংঘাতৰ সাময়িকভাৱে অন্ত পেলাই এখন যুদ্ধ বিৰতি চুক্তিত উপনীত হৈছে। থাইলেণ্ডৰ প্ৰতিৰক্ষা মন্ত্ৰী নাথাপন নাকপানিচ আৰু কম্বোডিয়াৰ উপ প্রধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী টিয়ে ছেইহায়ে থাইলেণ্ডৰ চানথাবুড়ী প্ৰদেশৰ সীমান্তৱৰ্তী পহৰা চকীত আজি যুদ্ধ বিৰত...

December 26, 2025 8:53 PM

views 73

বাংলাদেশৰ সমাগত ত্রয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ বাবে জামাত-ই-ইছলামী আৰু নেশ্যনেল চিটিজেন পাৰ্টীৰ মাজত আসনৰ ভাগ-বটোৱাৰা লৈ আলোচনা

বাংলাদেশৰ সমাগত ত্রয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ বাবে জামাত-ই-ইছলামী আৰু নেশ্যনেল চিটিজেন পাৰ্টীৰ মাজত আসনৰ ভাগ-বটোৱাৰা লৈ আলোচনা অনুষ্ঠিত হৈছে। নেশ্যনেল চিটিজেন পাৰ্টীৰ অভ্যন্তৰীণ বিবাদৰ ফলত দলটো দুভাগ হোৱাৰ পৰিপ্ৰেক্ষিতত এই আলোচনা অনুষ্ঠিত হৈছে। এন চি পিৰ জ্যেষ্ঠ নেতাই জানিবলৈ দিছে যে কমেও ৫০...

December 26, 2025 8:50 PM

views 59

চিৰিয়াৰ ৱাদ-অল-ধাহাবৰ এটা মছজিদত শুকুৰবাৰৰ নামাজৰ সময়ত বিস্ফোৰণ সংঘটিত হোৱাত কমেও ৫ গৰাকী লোক নিহত হোৱাৰ লগতে ২১গৰাকী লোক আহত

চিৰিয়াৰ ৱাদ-অল-ধাহাবৰ এটা মছজিদত শুকুৰবাৰৰ নামাজৰ সময়ত বিস্ফোৰণ সংঘটিত হোৱাত কমেও পাঁচগৰাকী লোক নিহত হোৱাৰ লগতে ২১গৰাকী লোক আহত হৈছে। চিৰিয়াৰ ছানা সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি জৰুৰীকালীন দল অঞ্চলটোলৈ তৎকালে ৰাওনা হৈ উদ্ধাৰ অভিযান চলাই আহতসকলক সমীপৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বিস্ফোৰণৰ কাৰণ এতিয়াও জা...