আন্তৰ্জাতিক সংবাদ

December 26, 2025 6:30 PM

views 71

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে ক্ষেপনাস্ত্ৰ আৰু গোলা উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে নতুন বোমা-বাৰুদ কাৰখানা পৰিকল্পনা মুকলি কৰিছে

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে ক্ষেপনাস্ত্ৰ আৰু গোলা উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে নতুন বোমা-বাৰুদ কাৰখানা পৰিকল্পনা মুকলি কৰিছে। যুদ্ধ প্ৰতিৰোধক শক্তিশালী কৰাৰ ক্ষেত্ৰত ইয়াৰ উৎপাদন বৃদ্ধিৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছে। কিমে ৮ হাজাৰ ৭০০ টন পাৰমাণৱিক চালিত কৌশলগত ক্ষেপনাস্ত্র ছাবমেৰিণ পৰিদৰ্শন কৰাৰ এদি...

December 25, 2025 8:20 PM

views 55

নাইজেৰিয়াৰ মাইডুগুৰীৰ এটা মছজিদত সংঘটিত বিস্ফোৰণত পাঁচজন লোকৰ প্রাণহানি, ৩৫ জন আহত

নাইজেৰিয়াৰ উত্তৰ-পূব প্ৰান্তৰ মাইডুগুৰীৰ এটা মছজিদত কালি নামাজৰ সময়ত হোৱা বিস্ফোৰণত পাঁচজন লোকে প্রাণ হেৰুৱায় আৰু ৩৫ জন আহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে এতিয়ালৈকে কোনো সন্ত্রাসবাদী সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও আত্মঘাটি বোমাৰুৰ ব্যৱহাৰলৈ চাই ব'কো হাৰাম নামৰ সন্ত্রাসবাদী সংগঠনে...

December 24, 2025 11:03 AM

views 63

পাকিস্তানত থকা বেলুচিস্তানৰ কেচ্ জিলাত কেইবাটাও বেলুচ পৰিয়ালৰ প্ৰতিবাদ সাব্যস্ত

পাকিস্তানে একেটা পৰিয়ালৰ চাৰিজন সদস্যক বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰাৰ বিৰুদ্ধে কালি বেলুচিস্তানৰ কেচ্ জিলাত কেইবাটাও বেলুচ পৰিয়ালে প্ৰতিবাদ সাব্যস্ত কৰে। মানৱ অধিকাৰ সংস্থা বেল'চ ইয়াকজেহতি কমিটীৰ মতে, ভুক্তভোগী দুগৰাকী মহিলা আৰু দুজন পুৰুষক পাকিস্তানী সংস্থাই বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰিছে। কেচ্চৰ- তে...

December 22, 2025 8:16 PM

views 56

কম্বোদিয়া আৰু থাইলেণ্ডক তাৎক্ষণিকভাৱে সকলো ধৰণৰ যুদ্ধসদৃশ পৰিস্থিতিৰ সমাপ্ত কৰিবলৈ আহ্বান

দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ সংস্থাই কম্বোদিয়া আৰু থাইলেণ্ডক তাৎক্ষণিকভাৱে সকলো ধৰণৰ যুদ্ধসদৃশ পৰিস্থিতিৰ সমাপ্ত কৰিবলৈ আহ্বান জনাইছে। মালয়েছিয়াৰ কোৱালালামপুৰত আজি কম্বোদিয়া আৰু থাইলেণ্ডৰ মাজৰ বৰ্তমানৰ পৰিস্থিতিৰ সন্দৰ্ভত বৈদেশিক মন্ত্রীসকল এখন বিশেষ বৈঠকত মিলিত হয়। বৈঠকত দক্...

December 21, 2025 8:41 PM

views 60

নতুন দিল্লী থকা বাংলাদেশ উচ্চায়ুক্তৰ সন্মুখত কোনো ধৰণৰ আইন-শৃংখলা অথবা সুৰক্ষাজনিত পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ৰ প্ৰকাশ

নতুন দিল্লী থকা বাংলাদেশ উচ্চায়ুক্তৰ সন্মুখত একাংশ লোকে কৰা প্ৰতিবাদৰ সময়ত কোনো ধৰণৰ আইন-শৃংখলা অথবা সুৰক্ষাজনিত পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে স্পষ্ট কৰি দিছে। সংবাদ মাধ্যমৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্রালয়ে কয় যে ২০ৰ পৰা ২৫জন যুবকে কালি বাংলাদেশ উচ্চায়ুক্তৰ সন্মুখত শ্ল...

December 21, 2025 11:07 AM

views 80

আজি বিশ্ব ধ্যান দিৱস

আজি বিশ্ব ধ্যান দিৱস। যোৱা বছৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২১ ডিচেম্বৰৰ দিনটো বিশ্ব ধ্যান দিৱস হিচাপে ঘোষণা কৰিছিল। উত্তৰ গোলাৰ্ধৰ শীতকালীন সময়ৰ সৈতে ৰজিতা খুৱাই এই দিনটো নিৰ্বাচন কৰা হৈছে। কিয়নো ই অন্তৰ্দৃষ্টি আৰু আভ্যন্তৰীণ শান্তিৰ প্ৰতীক। ভাৰতৰ আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰে নিউয়ৰ্কত অৱস্থিত ৰ...

December 18, 2025 4:51 PM

views 76

কৃত্রিম বুদ্ধিমত্তা আৰু অৰ্ধ পৰিবাহী খণ্ডৰ যোগান-শৃংখলাৰ বাবে ভাৰতক গুৰুত্বপূৰ্ণ সহযোগী হিচাপে গণ্য আমেৰিকাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰই কৃত্রিম বুদ্ধিমত্তা আৰু অৰ্ধ পৰিবাহী খণ্ডৰ যোগান-শৃংখলাৰ বাবে ভাৰতক গুৰুত্বপূৰ্ণ সহযোগী হিচাপে গণ্য কৰে বুলি দেশখনৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ উপ-মন্ত্রী জেকব হেলবার্গে প্রকাশ কৰিছে। ৱাশ্বিংটনত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত উপ-মন্ত্ৰীগৰাকীয়ে কয়, যে তেওঁ অহা ফেব্ৰুৱাৰীত হ'...

December 18, 2025 4:49 PM

views 69

সন্ত্ৰাসবাদ প্ৰতিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা বালাদেশৰ সাংবাদিক অনিচ আলমগীৰক মোকলাই দিবলৈ আহ্বান

AMNESTY ইণ্টাৰনেচনেলে মুখ্য উপদেষ্টা প্ৰফেছৰ মহম্মদ য়ুনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক অভিব্যক্তিৰ স্বাধীনতা সুনিশ্চিত কৰাৰ লগতে এইমাহত সন্ত্ৰাসবাদ প্ৰতিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা সাংবাদিক অনিচ আলমগীৰক ততালিকে মোকলাই দিবলৈ আহ্বান জনাইছে। AMNESTY ইণ্টাৰনেচনেলৰ আঞ্চলিক গৱেষক ৰিহাব ম...

December 18, 2025 1:25 PM

views 67

পাৰমাণৱিক চাবমেৰিন নির্মাণ সম্ভৱ কৰি তুলিবলৈ ছিউলে ৱাশ্বিংটনৰ সৈতে দ্বিপাক্ষিক চুক্তি স্বাক্ষৰত মত পোষণ

পাৰমাণৱিক চাবমেৰিন নির্মাণ সম্ভৱ কৰি তুলিবলৈ ছিউলে ৱাশ্বিংটনৰ সৈতে দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰাৰ মত পোষণ কৰিছে। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা উই ছুং-লাকে ৱাশ্বিংটনত আলোচনাৰ বাবে উপস্থিত হোৱাৰ সময়তে উইয়ে এইদৰে মতপোষণ কৰে। প্ৰায় এমাহ পূর্বে অক্টোবৰৰ শেষৰ ফালে দক্ষিণ কোৰিয়াৰ ৰাষ্...

December 15, 2025 11:39 AM

views 70

অষ্ট্ৰেলিয়াৰ ছিডনীৰ বন্দী তীৰত সংঘটিত গুলীচালনাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ লৈ বৃদ্ধি

ইহুদীসকলৰ উৎসৱ হানুকা উদযাপনৰ প্ৰথম দিনা কালি সন্ধিয়া অষ্ট্ৰেলিয়াৰ ছিডনীৰ বন্দী তীৰত সংঘটিত গুলীচালনাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ লৈ বৃদ্ধি পাইছে। অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে এই গুলীচালনাক সন্ত্রাসবাদী আক্রমণ বুলি উল্লেখ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে বন্দুকধাৰী দুজন পিতা- পুত্ৰ আছিল। গুলীচালনা...