আফগানিস্তানৰ কাবুলৰ ডাউনটাউনত কালি সংঘটিত এটা বোমা বিস্ফোৰণত কমেও ৭ জন লোক নিহত হৈছে আৰু আন প্ৰায় ১২গৰাকী লোক আহত হৈছে। কাবুল আৰক্ষীৰ মুখপাত্র খালিদ জাড্রানে এই সন্দৰ্ভত কয় যে, এখন হোটেল আৰু হোটেলখনৰ গাতে লাগি থকা বৃহৎ কার্যালয় ভৱন, বাণিজ্যিক ভৱন আৰু দূতাবাসক লক্ষ্য কৰি এই বিস্ফোৰণ সংঘটিত কৰা হৈছে। ইটালীৰ “ইমাৰজেণ্ডী” নামৰ এটা বেচৰকাৰী সংস্থাই জনোৱা মতে, কাবুলত থকা তেওঁলোকৰ অস্ত্ৰোপচাৰ কেন্দ্ৰটোলৈ বিস্ফোৰণস্থলীত আঘাতপ্রাপ্ত ২০ জন লোকক লৈ অনা হৈছিল যদিও সাতজনৰ ইতিমধ্যে মৃত্যু হৈছিল। উল্লেখযোগ্য যে কোনো সংগঠনে এই মূহুৰ্তলৈকে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।
Assamese | January 20, 2026 11:33 AM | Afghanistan Accident
আফগানিস্তানৰ কাবুলত সংঘটিত বোমা বিস্ফোৰণত কমেও ৭ জন লোক নিহত