পাকিস্তানৰ কৰাচীৰ এটা শ্বপিং মলত কালি সংঘটিত এটা বৃহৎ অগ্নিকাণ্ডত ছগৰাকী লোক নিহত হোৱাৰ লগতে ১২ গৰাকীতকৈও অধিক লোক আহত হয়। দেশখনৰ স্বাস্থ্য বিষয়াই সদৰী কৰা অনুসৰি, অসামৰিক চিকিৎসালয়ৰ ট্ৰ’মা কেন্দ্ৰত কমেও ৪ গৰাকী আৰু জুয়ে পোৰা চিকিৎসা গোটত দুগৰাকী লোকক ভর্তি কৰোৱা হয়। অগ্নি নির্বাপণৰ বাবে সকলো প্রচেষ্টা অব্যাহত আছে বুলি উদ্ধাৰকাৰী বিষয়াই প্রকাশ কৰিছে। অতি উষ্ণ তাপমাত্ৰাৰ বাবে ভৱনটো এতিয়াও প্ৰবেশসাধ্য হোৱা নাই যদিও উদ্ধাৰ অভিযান অব্যাহত আছে। অগ্নি নির্বাপক বাহিনীৰ বিষয়াই ভৱনটোৰ ভিতৰত কিছু লোক এতিয়াও আৱদ্ধ হৈ থাকিব পাৰে বুলি আশংকা প্রকাশ কৰিছে।
Assamese | January 18, 2026 8:49 PM | Pakistan Karachi Soaping Mall Fire
পাকিস্তানৰ কৰাচীৰ শ্বপিং মলত সংঘটিত অগ্নিকাণ্ডত ছগৰাকী লোক নিহত, ১২ গৰাকীতকৈও অধিক লোক আহত