আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে উত্তৰ মেৰুৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভৱিষ্যতে চুক্তিৰ কাঠামোত সন্মতি প্ৰকাশ কৰাৰ পিছতেই ইউৰোপত থকা আমেৰিকৰ মিত্ৰ দেশসমূহৰ ওপৰত গ্ৰীণলেণ্ডৰ বিষয়ত আমেৰিকাৰ পৰিকল্পিত শুল্ক বাতিল কৰাৰ কথা ঘোষণা কৰিছে। ট্রাম্পে অধিকাৰ আৰু মালিকীস্বত্বকে ধৰি গ্ৰীণলেণ্ডক ল’ব বিচৰা বুলি জোৰ দিয়াৰ কেইঘণ্টামানৰ পিছতেই এই ঘোষণা কৰে। বিশ্ব অর্থনৈতিক মঞ্চত দিয়া ভাষণত ৰাষ্ট্ৰপতিয়ে কয়, যে তেওঁ এনে ভূ-খণ্ড বিচাৰিছে যি অতি শীতল আৰু দুৰ্বল অৱস্থাত আছিল। ট্রাম্পে লগতে উত্তৰ মেৰুৰ ৰাছিয়া আৰু চীনৰ আশে পাশে থকা মহাসাগৰত অহা ভাবুকি প্ৰতিহত কৰিবলৈ ৱাশ্বিংটনক বিশ্বৰ সৰ্ববৃহৎ দ্বীপটোৰ প্ৰয়োজন বুলিও কয়।
Assamese | January 22, 2026 10:59 AM | Akashvani | Akashvani News | Donald Trump | US President | World Economic Forum
গ্ৰীণলেণ্ডৰ বিষয়ত আমেৰিকাৰ পৰিকল্পিত শুল্ক বাতিল কৰাৰ কথা ঘোষণা