ৰাষ্ট্ৰসংঘৰ মিলিটেৰী জেণ্ডাৰ এডভ’কেট অব দি ইয়েৰ সন্মান লাভ কৰাৰ বাবে মেজৰ অভিলাষা বাৰাকক প্রধানমন্ত্রীৰ অভিনন্দন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মেজৰ অভিলাষা বাৰাকক ৰাষ্ট্ৰসংঘৰ মিলিটেৰী জেণ্ডাৰ এডভ’কেট অব দি ইয়েৰ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত প্রধানমন্ত্রীয়ে কয় যে এই সন্মানৰ জৰিয়তে মেজৰ বাৰাকৰ উৎকৃষ্ট সেৱা তথা ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষাৰ প্ৰচেষ্টাত দেশৰ দীর্ঘদিনীয়া বৰঙণি প্ৰতিফলিত হৈছে।

শ্রীমোদীয়ে লগতে কয় যে মেজৰ বাৰাকৰ এই সাফল্যই দেশৰ অগণন যুৱক-যুৱতীক উৎসাহিত কৰিব। বিশেষকৈ দেশৰ যুৱতীসকলে দেশ সেৱা তথা মানৱ সেৱাৰ বাবে অধিক উৎসাহেৰে কাম কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। উল্লেখযোগ্য যে মেজৰ বাৰাক ৰাষ্ট্ৰসংঘৰ লেবাননৰ অন্তবর্তীকালীন বাহিনীত কৰ্মৰত হৈ আছে।