September 29, 2026 12:04 PM | Indian Railway Kavas 4.0

printer

কবচ 4.0 প্ৰৱৰ্তনৰ বাবে ২২৩ কোটি টকাত অনুমোদন ভাৰতীয় ৰে’লৱ বিভাগৰ

ভাৰতীয় ৰে’লৱেৰ উত্তৰ-পূব ৰে’লৱেৰ বাৰানসী সংমণ্ডলৰ ৬১৪ কিলোমিটাৰ পথত কবচ 4.0 প্ৰৱৰ্তনৰ বাবে ২২৩ কোটি টকাত অনুমোদন জনাইছে। এই অনুমোদিত প্ৰকল্পৰ জৰিয়তে বাৰানসী সংমণ্ডলৰ কবচ 4.0 প্ৰবৰ্তনৰ জৰিয়তে নিৰাপত্তা আন্তঃগাঁথনি শক্তিশালী কৰি তোলা হ’ব। ইয়াৰ জৰিয়তে ৰে’ল যাত্ৰা নিৰাপদ আৰু বিশ্বাসযোগ্য হোৱাৰ লগতে ভাৰতীয় ৰে’ল ব্যৱস্থাত কবচৰ জৰিয়তে থলুৱা প্ৰযুক্তিক বৰঙণি যোগোৱা হ’ব।

উল্লেখযোগ্য যে কবচ হৈছে থলুৱাভাৱে বিকশাই তোলা স্বয়ংক্রিয় ৰে’ল সুৰক্ষা ব্যৱস্থা। ই বিপদৰ সময়ত ৰে’লৰ সংকেত গ্ৰহণ কৰি স্বয়ংক্রিয়ভাৱে ৰেল ৰৈ যোৱাত সহায় কৰে আৰু ৰে’লৰ কাৰ্যকলাপ নিৰীক্ষণ কৰি সুৰক্ষিত গতিবিধিত সহায় কৰে।