September 29, 2026 12:11 PM | SC Decision

printer

অনাদায় ট্রেফিক ই-চালান জৰিমনা বিদ্যুৎ বিলৰ সৈতে সংযোগ কৰাৰ বিবেচনা উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে জৰিমনা আদায়ৰ পদক্ষেপ হিচাপে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ অনাদায় ট্রেফিক ই-চালান জৰিমনা বিদ্যুৎ বিলৰ সৈতে সংযোগ কৰাৰ কথা বিবেচনা কৰিছে। ন্যায়াধীশ জে বি পার্ডিৱালা আৰু কে ভি বিশ্বনাথৰ বিচাৰপীঠে কয়, যে এনে ব্যৱস্থা গ্রহণ নকৰিলে কেৱল ই-চালানৰ জৰিয়তে কোনো উদ্দেশ্য সাধন নহ’ব। বিচাৰপীঠে লগতে বাহনৰ পঞ্জীয়ন নৱীকৰণ, মালিকীস্বত্ব হস্তান্তৰ আদি অনাদায় জৰিমনা নোপোৱা পর্যন্ত স্থগিত ৰখাৰ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰি পৰিবহন পার্টেলত অনাদায় হৈ থকা চালানসমূহৰ বাহনসমূহ যাতায়াত নিষিদ্ধ তালিকাত অন্তর্ভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়াইছে। উল্লেখযোগ্য যে, চৰকাৰী তথ্য মতে ২০২৩ চনত ই-চালানৰ জৰিয়তে আৰোপ কৰা জৰিমনাৰ মাত্র ৭.৬১ শতাংশহে আদায় কৰা হৈছিল।