গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত-জাপান মৈত্রী আন্তঃৰাষ্ট্ৰীয় সম্মিলন

গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত-জাপান মৈত্রী আন্তঃৰাষ্ট্ৰীয় সম্মিলন অনুষ্ঠিত হ’ব। অহা জুলাইৰ মাজভাগত হ’বলগীয়া এই সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী ছানায়ে টাকাইচি ভাৰত ভ্ৰমণলৈ আহিব। এই সম্মিলনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্রীসভাৰ কেইবাগৰাকীও সদস্য আৰু শীর্ষ বিষয়াসকল উপস্থিত থাকিব। দুয়ো দেশৰ এই সন্মিলনক লৈ ইতিমধ্যে দিল্লীৰ লগতে দিছপুৰতো বিশেষ তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত অনুমোদন লাভ কৰাৰ পাছতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন মিত্রজোঁট চৰকাৰে ভাৰত-জাপান আন্তঃৰাষ্ট্ৰীয় মৈত্রী সম্মিলনখন সুচাৰুৰূপে আয়োজন কৰাৰ বাবে ইতিমধ্যে প্রয়োজনীয় পৰিকল্পনা যুগুত কৰিছে। এই লৈ কালি লোক ভৱনত মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অসম মন্ত্রী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, এই সন্মিলনত প্ৰতিৰক্ষা, বাণিজ্য, অর্থনৈতিক সুৰক্ষা আদি কেইবাটাও বিষয়ত উভয় দেশৰ মাজত বুজাবুজিৰ চুক্তি সম্পাদন হোৱাৰ সম্ভাবনা আছে।