আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে গ্রীণলেণ্ড নিয়ন্ত্ৰণ কৰিবলৈ বল প্রয়োগ নকৰে বুলি কয় যদিও পুনৰ তেঁও আর্কটিক দ্বীপৰ মালিকীস্বত্ব ৱাশ্বিংটনক দিয়াৰ দাবী উত্থাপন কৰে। ডাভোছত বিশ্ব অর্থনৈতিক মঞ্চৰ সন্মিলনত ভাষণ দি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গ্রীনলেণ্ড অধিগ্রহণ সন্দৰ্ভত আমেৰিকাই তাৎক্ষণিক আলোচনা বিচাৰিছে। গ্রীণলেণ্ড আমেৰিকাৰ মিত্র দেশ ডেনমাৰ্কৰ অর্ধস্বায়ত্তশাসিত ভূখণ্ড। সামৰিক মিত্রতা নাটো গঠন কৰা উত্তৰ আমেৰিকা আৰু ইউৰোপৰ ৩২খন দেশৰ ভিতৰত আমেৰিকা আৰু ডেনমার্ক অন্যতম। ট্রাম্পে ডেনমার্কৰ পৰা গ্ৰীণলেণ্ড অধিগ্ৰহণ কৰাৰ ধাৰণা বাৰে বাৰে উত্থাপন কৰি আহিছে ৷ট্রাম্পে লগতে কয় যে আমেৰিকাই গ্রীণলেণ্ড অধিগ্ৰহণ কৰাৰ বাবে আলোচনা বিচাৰিছে, কাৰণ আমেৰিকাৰ বাহিৰে আন কোনো ৰাষ্ট্ৰই গ্ৰীণলেণ্ডক সুৰক্ষিত কৰিব নোৱাৰে।
Assamese | January 22, 2026 11:15 AM | Akashvani | Akashvani News | Donlad trump | world ecnomic forum
ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে গ্রীণলেণ্ড নিয়ন্ত্ৰণ কৰিবলৈ বল প্রয়োগ নকৰা কথা প্ৰকাশ