January 22, 2026 11:15 AM

views 182

ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে গ্রীণলেণ্ড নিয়ন্ত্ৰণ কৰিবলৈ বল প্রয়োগ নকৰা কথা প্ৰকাশ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে গ্রীণলেণ্ড নিয়ন্ত্ৰণ কৰিবলৈ বল প্রয়োগ নকৰে বুলি কয় যদিও পুনৰ তেঁও আর্কটিক দ্বীপৰ মালিকীস্বত্ব ৱাশ্বিংটনক দিয়াৰ দাবী উত্থাপন কৰে। ডাভোছত বিশ্ব অর্থনৈতিক মঞ্চৰ সন্মিলনত ভাষণ দি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গ্রীনলেণ্ড অধিগ্রহণ সন্দৰ্ভত আমেৰিকাই তাৎক্ষণিক আলোচনা বিচাৰিছে। গ্রীণলেণ্ড আমেৰিকাৰ মিত্র দেশ ডেনমাৰ্কৰ অর্ধস্বায়ত্তশাসিত ভূখণ্ড। সামৰিক মিত্রতা নাটো গঠন কৰা উত্তৰ আমেৰিকা আৰু ইউৰোপৰ ৩২খন দেশৰ ভিতৰত আমেৰিকা আৰু ডেনমার্ক অন্যতম। ট্রাম্পে ডেনমার্কৰ ...

January 19, 2026 12:19 PM

views 62

আজিৰে পৰা অহা ২৩ জানুৱাৰীলৈ হ’বলগীয়া বৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলনত ড০ হিমন্ত বিশ্ব শর্মাৰ অংশগ্ৰহণ

ছুইজাৰলেণ্ডৰ ডাভ'ছত আজিৰে পৰা অহা ২৩ জানুৱাৰীলৈ হ'বলগীয়া বৰ্ল্ড ইক'ন'মিক ফ'ৰামৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা দেশখনলৈ ইতিমধ্যে ৰাওনা হৈছে। অসমৰ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্রী ড০ শর্মাই অংশগ্ৰহণৰ সুযোগ লাভ কৰাটো তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে। কালি ছুইজাৰলেণ্ডলৈ যাত্ৰাৰ কৰাৰ পূৰ্বে সামাজিক মাধ্যমযোগে তেওঁ ৰাজ্যবাসীৰ আশিস বিচাৰে। এই সন্মিলনত ভাৰতৰ কেইবাখনো আগশাৰীৰ ৰাজ্যৰ প্ৰতিনিধিয়ো অংশগ্রহণ কৰিব। ডাভ'ছত বিশ্বৰ উদ্যোগপতি, অর্থনীতিবিদ, বহুজাতিক কোম্পানীৰ মুখ্য কাৰ...