আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বানৰ পাছতে ইৰান আৰু ইজৰাইলে পৰস্পৰৰ বিৰুদ্ধে চলোৱা সামৰিক আক্ৰমণ সাময়িকভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। অৱশ্যে, ইজৰাইলে লেবাননত থকা হিজবুল্লাহৰ ঘাটিসমূহৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিলে ইৰানে পুনৰ সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব বুলি সতর্ক কৰি দিছে। ইপিনে, ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজেও সকীয়াই দিচ্ছে যে উত্তৰ ইজৰাইলত আক্ৰমণ অব্যাহত থাকিলে বেইৰুটৰ দক্ষিণ প্ৰান্তত থকা হিজবুল্লাহৰ মুখ্য ঘাটিসমূহত ইজৰাইলে পুনৰ আক্ৰমণ চলাব।
উল্লেখযোগ্য যে, যোৱা এপ্ৰিল মাহত হোৱা যুদ্ধবিৰতিৰ পাছত ইৰান আৰু ইজৰাইলৰ মাজত এয়া আটাইতকৈ পোনপটীয়া সংঘাত আছিল। দেওবাৰে নিশা ইৰানে ইজৰাইলৰ ভূখণ্ডলৈ কেইবাটাও ক্ষেপণাস্ত্র নিক্ষেপ কৰি সেয়া ব্ৰেৰুটৰ সমীপত থকা হিজবুল্লাহৰ ঘাটিত ইজৰাইলে চলোৱা সামৰিক অভিযানৰ প্ৰত্যুত্তৰ বুলি অভিহিত কৰিছিল। ইয়াৰ প্ৰতিশোধ হিচাপে ইজৰাইলেও ইৰানৰ দক্ষিণ-পশ্চিম অঞ্চলত থকা এবিধ বিশেষ খনিজ তেলভিত্তিক ৰাসায়নিক প্রকল্পক লক্ষ্য কৰি আক্ৰমণ চলাইছিল। এই প্ৰকল্পটো দীর্ঘ দূৰত্ব অতিক্ৰম কৰিব পৰা যুদ্ধাস্ত্ৰ উৎপাদনৰ সৈতে জড়িত বুলি ইজৰাইলে দাবী কৰিছিল।
ইয়াৰ পাছতে ইৰানৰ ইছলামিক ৰিভলিউশ্যনেৰী গার্ড কৰ্পছে ইজৰাইলৰ হাইফা চহৰত থকা অনুৰূপ এটা প্ৰকল্পত আক্রমণ চলাই প্ৰত্যুত্তৰ দিয়া বুলি দাবী কৰে ।
ইৰানৰ সামৰিক বাহিনীয়ে কালি ইজৰাইলৰ বিৰুদ্ধে যুদ্ধকালীন তৎপৰতা বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে যদিও দক্ষিণ লেবাননত ইজৰাইলৰ যিকোনো সামৰিক কাৰ্যকলাপৰ বিৰুদ্ধে ইয়াতকৈও তীব্র প্রতিক্রিয়া প্রকাশ কৰা হ’ব বুলি সতৰ্ক কৰি দিছে। ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যাহুৱেও বৰ্তমান সামৰিক অভিযান বন্ধ থকা বুলি প্ৰকাশ কৰি কয় যে ইৰানৰ যিকোনো নতুন আক্ৰমণৰ ইজৰাইলে যথোচিত প্ৰত্যুত্তৰ দিব।
দুয়োখন দেশৰ মাজত স্থায়ী শান্তি ঘূৰাই আনিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে চলোৱা প্ৰচেষ্টাৰ মাজতে এই উত্তেজনাময় পৰিস্থিতিৰ শাম কাটিছে। ট্রাম্পে জনোৱা অনুসৰি, ইজৰাইল আৰু ইৰান – দুয়োখন দেশে যুদ্ধৰ অন্ত পৰাটো বিচাৰে আৰু বৰ্তমান শান্তিৰ বাবে আলোচনা অব্যাহত আছে। ইয়াৰ মাজতে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশ্বকিয়ানে মন্তব্য কৰিছে যে তেওঁলোকৰ দেশ দ্বিপাক্ষিক আলোচনা আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা দুয়োটাৰে প্ৰতি সমানে প্ৰতিশ্ৰুতিবদ্ধ।