নতুন দিল্লীত আজি ভাৰত-ইণ্ডোনেছিয়া যুটীয়া আয়োগৰ বৈঠকৰ অন্ত পৰে। বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰ আৰু ইণ্ডোনেছিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছুগিঅন’ই বৈঠকত সহ অধ্যক্ষতা কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত ড০ জয়শংকৰে কয় যে দুয়োখন দেশৰ মাজৰ সৰ্বাত্মক কৌশলগত মিত্রতা শেহতীয়া কেইবছৰমানত ত্বৰান্বিত হৈছে।
তেওঁ শিক্ষা, সাংস্কৃতিক সহযোগিতা, পৰ্যটনৰ লগতে গুৰুত্বপূৰ্ণ সম্পদ, সাৰ, ভেষজ, স্বাস্থ্য, বিত্ত প্রযুক্তি, বাণিজ্য সামুদ্রিক পৰিবহণ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা তথা ৰাজনৈতিক দিশকে ধৰি বিভিন্ন দিশ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় বুলি প্রকাশ কৰে। দুয়োগৰাকী নেতাই আঞ্চলিক শেহতীয়া ঘটনাৱলীৰ সন্দৰ্ভত মত-বিনিময় কৰাৰ লগতে ভাৰত-আছিয়ান মিত্ৰতা গভীৰ কৰাৰ উপৰি বহুপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰা সন্দৰ্ভতো আলোচনা কৰে।
ইয়াৰ পূর্বে ড০ জয়শংকৰে কয় যে চাৰি বছৰৰ বিৰতিৰ পাছত দুয়োখন দেশৰ যুটীয়া আয়োগৰ বৈঠকত অনুষ্ঠিত হৈছে। এই সময়ছোৱাত দ্বিপাক্ষিক মিত্ৰতাৰ ক্ষেত্ৰত তাৎপর্যপূর্ণ প্রগতি হোৱা বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু ইণ্ডোনেছিয়াই যোৱা বছৰ দ্বিপাক্ষিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছে।