July 19, 2026 8:35 PM

views 36

জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি ড০ হুছেইন আলী মিউনিৰ চেন্নাইত থকা ভাৰতীয় প্রযুক্তি প্ৰতিষ্ঠানৰ মাদ্ৰাছ প্রাঙ্গন পৰিদৰ্শন

জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি ড০ হুছেইন আলী মিউনিয়ে চেন্নাইত থকা ভাৰতীয় প্রযুক্তি প্ৰতিষ্ঠানৰ মাদ্ৰাছ প্রাঙ্গন পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্রতিষ্ঠানখনৰ জাঞ্জিবাৰত থকা শাখা মুকলি কৰাৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতাৰ শলাগ লয়। উল্লেখযোগ্য যে ভাৰতীয় প্রযুক্তি প্রতিষ্ঠান মাদ্ৰাছৰ জাঞ্জিবাৰ প্রাঙ্গন হৈছে ভাৰতীয় প্রায়োগিক আৰু অর্থনৈতিক সহযোগিতা প্রশিক্ষণ কাৰ্যসূচীৰ লগতে ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক জলপানি পৰিষদৰ উপৰি জল প্রকল্পসমূহৰ বাবে দেশীয় সহযোগিতা আৰু দ্বিপাক্ষিক শৈক্ষিক সহযোগিতাৰ ক্ষেত্ৰত এটা উল্লেখযো...

July 8, 2026 8:41 PM

views 18

কুৱেইটৰ যুৱৰাজ শ্বেইখ ছবাহ অল খালিদ অল ছবাহক মন্ত্রী ড° এছ. জয়শংকৰৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ. জয়শংকৰে আজি কুৱেইটৰ যুৱৰাজ শ্বেইখ ছবাহ অল খালিদ অল ছবাহক সাক্ষাৎ কৰে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম যোগে প্রকাশ কৰা মতে, বৈঠকত তেওঁ যুৱৰাজগৰাকীক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। ড° জয়শংকৰে লগতে ভাৰত আৰু কুৱেইটৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাক আগুৱাই নিয়াৰ প্ৰতি প্ৰকাশ কৰা প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে যুৱৰাজগৰাকীক শলাগ লয়। মন্ত্ৰীগৰাকীয়ে লগতে উপ সাগৰীয় অঞ্চলৰ ঘটনাক্রম সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰাৰ বাবে তেওঁক ধন্যবাদ জনায়।

July 5, 2026 11:09 AM

views 23

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰৰ কাটাৰ, বাহৰেইন, কুৱেইট আৰু ওমান ভ্ৰমণ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে আজিৰে পৰা ১০ জুলাইলৈ চৰকাৰী কাৰ্যসূচীৰে কাটাৰ, বাহৰেইন, কুৱেইট আৰু ওমান ভ্ৰমণ কৰিব। ভ্ৰমণৰ সময়ছোৱাত ড° জয়শংকৰে দেশ কেইখনৰ বিদেশ মন্ত্ৰীৰ লগতে অন্যান্য নেতৃবৃন্দৰ সৈতে মিলিত হ'ব। তেওঁৰ এই ভ্রমণে দেশ কেইখনৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পর্ক অধিক উন্নীত কৰাৰ লগতে আঞ্চলিক বিকাশ আৰু অন্যান্য পাৰস্পৰিক গুৰুত্ব সম্পন্ন বিষয়সমূহ সম্পর্কে মত বিনিময় কৰাৰ সুযোগ দিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে ওমান ভ্ৰমণৰ পাছক ১৩ জুলাইত নিউয়র্কলৈ যাব। ত...

June 7, 2026 8:18 PM

views 32

নতুন দিল্লীত অনুষ্ঠিত ভাৰত-ইণ্ডোনেছিয়া যুটীয়া আয়োগৰ বৈঠকৰ সামৰণি

নতুন দিল্লীত আজি ভাৰত-ইণ্ডোনেছিয়া যুটীয়া আয়োগৰ বৈঠকৰ অন্ত পৰে। বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰ আৰু ইণ্ডোনেছিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছুগিঅন'ই বৈঠকত সহ অধ্যক্ষতা কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত ড০ জয়শংকৰে কয় যে দুয়োখন দেশৰ মাজৰ সৰ্বাত্মক কৌশলগত মিত্রতা শেহতীয়া কেইবছৰমানত ত্বৰান্বিত হৈছে। তেওঁ শিক্ষা, সাংস্কৃতিক সহযোগিতা, পৰ্যটনৰ লগতে গুৰুত্বপূৰ্ণ সম্পদ, সাৰ, ভেষজ, স্বাস্থ্য, বিত্ত প্রযুক্তি, বাণিজ্য সামুদ্রিক পৰিবহণ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা তথা ৰাজনৈতিক দিশকে ধৰি বিভিন্ন ...

January 19, 2026 7:59 PM

views 63

পোলেণ্ডৰ উপ প্রধানমন্ত্ৰী ৰেডশ ছিকৰস্কিৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক অনুষ্ঠিত

পোলেণ্ডৰ উপ প্রধানমন্ত্ৰী ৰেডশ ছিকৰস্কিৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ আজি নতুন দিল্লীত বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰত আৰু পোলেণ্ডৰ মাজত কৌশলগত অংশীদাৰিত্ব বৃদ্ধি কৰাৰ বিষয়ে গুৰুত লাভ কৰে। বৈঠকৰ পাছত পোলেণ্ডৰ উপ প্রধানমন্ত্ৰীগৰাকীৰ সৈতে যুটীয়াকৈ সম্বোধন কৰা এখন সংবাদমেলত ৬০ জয়শংকৰে কয়, যে ভাৰতে ঐতিহাসিকভাৱে পোলেণ্ডৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছে। শেহতীয়াকৈ দেশখনৰ সৈতে উচ্চ পৰ্যায়ৰ ৰাজনৈতিক বিনিময় তথা অর্থনৈতিক সহযোগিতাপূর্ণ সম্পর্ক স্থাপন হৈছে। আজি বৈঠকত ভাৰত আৰু পোল...

January 15, 2026 10:21 AM

views 79

জাপানৰ বিদেশ মন্ত্রী ট’ম্বিমিটধু ম’টেগিৰ তিনিদিনীয়া ভাৰত ভ্ৰমণসূচী

জাপানৰ বিদেশ মন্ত্রী ট'ম্বিমিটধু ম'টেগি তিনিদিনীয়া ভাৰত ভ্ৰমণসূচী লৈ কাইলৈ নতুন দিল্লীত উপস্থিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি শুকুৰবাৰে তেওঁ হায়দৰাবাদ হাউছত বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰিব। শনিবাৰে তেওঁ ৰাজঘাটলৈ গৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু পাছত দিল্লী মেট' পৰিদৰ্শন কৰিব। চলিত বৰ্ষৰ আৰম্ভণিতে দক্ষিণ আফ্রিকাত অনুষ্ঠিত জি-২০ নেতা সম্মিলনৰ সময়ত জোহান্সবার্গত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শ্বানাই টাকাইচি বৈঠকত মিলিত হৈছিল। দুয়োগৰাকী নেতা...

December 7, 2025 11:27 AM

views 100

ভাৰতৰ ভূ-ৰাজনীতি ক্ষেত্ৰত বিকল্পৰ স্বতন্ত্ৰতা আৰু সুকীয়া বিদেশ নীতি তথা প্ৰতিৰক্ষা সিদ্ধান্ত গ্ৰহণৰ সামৰ্থ আছেঃ ড° এছ জয়শংকৰ

ভাৰতে আন দেশৰ সৈতে কিদৰে সম্পৰ্ক গঢ়ি তোলে সেই ক্ষেত্ৰত আন দেশৰ হাত নাই বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে স্পষ্ট কৰিছে। নতুন দিল্লীত কালি এটা অনুষ্ঠানত ভাষণ দি ড° জয়শংকৰে কয় যে, ভাৰতৰ ভূ-ৰাজনীতি ক্ষেত্ৰত বিকল্পৰ স্বতন্ত্ৰতা আৰু সুকীয়া বিদেশ নীতি তথা প্ৰতিৰক্ষা সিদ্ধান্ত গ্ৰহণৰ সামৰ্থ আছে। তেওঁ লগতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ সদ্যসমাপ্ত ভ্রমণে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কত নেতিবাচক সম্পৰ্কৰ প্ৰভাৱ পেলাব আৰু তেওঁলোকৰ সৈতে সম্ভাব্য মুক্ত বাণিজ্য চুক্তিত বাধাৰ ...

December 3, 2025 12:35 PM

views 59

ভাৰতে শ্ৰীলংকাৰ বান সাহায্যৰ প্ৰচেষ্টালৈ সমৰ্থন অব্যাহত ৰাখিছেঃ ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কয়, যে ৭০ জনৰো অধিক চিকিৎসা আৰু সহায়ক কৰ্মী, আৰু অত্যাৱশ্যকীয় বাহনৰ সৈতে এখন স্বয়ংসম্পূৰ্ণ মডিউলাৰ ফিল্ড হস্পিতাল কঢ়িয়াই নিয়া ভাৰতীয় বায়ুসেনাৰ C-17 শ্ৰেণীৰ পৰিবহণ বিমান কালি কলম্বোত অৱতৰণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড° জয়শংকৰে উল্লেখ কৰে যে ভাৰতে শ্ৰীলংকাৰ বান সাহায্যৰ প্ৰচেষ্টালৈ সমৰ্থন অব্যাহত ৰাখিছে। ইফালে ভাৰতীয় বায়ুসেনাৰ Mi-17 হেলিকপ্টাৰে ৮ টনৰো অধিক সাহায্য সামগ্রী বিমানযোগে লৈ যোৱাৰ লগতে বিদেশী নাগৰিক, সংকটজনক অৱস্থাত থকা ৰোগী আৰু এ...

October 7, 2025 4:03 PM

views 78

কৃত্রিম বুদ্ধিমত্তাক কাৰ্যকৰী কৰাৰ বাবে আস্থা আৰু সুৰক্ষাক অপৰিহাৰ্য বুলি অভিহিত ড° এছ জয়শংকৰৰ

■ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে দায়ৱদ্ধ কৃত্রিম বুদ্ধিমত্তাক কাৰ্যকৰী কৰাৰ বাবে আস্থা আৰু সুৰক্ষাক অপৰিহাৰ্য বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত ‘ভাৰতৰ আস্থা আৰু সুৰক্ষা মহোৎসৱ’ত অংশগ্ৰহণ কৰি ড° জয়শংকৰে কয়, যে আহিবলগীয়া দিনবোৰত কৃত্রিম বুদ্ধিমত্তাই অৰ্থনীতিৰ সংস্কাৰ সাধন কৰাৰ লগতে কামৰ অভ্যাসৰ পৰিৱৰ্তন সাধন কৰিব, স্বাস্থ্যখণ্ডৰ সমস্যা সমাধানৰ ন ন পথ উদ্ভাৱন কৰিব আৰু শিক্ষাক অধিক পৰিমাণে প্ৰসাৰিত কৰিব। জীৱনধাৰাৰ সৈতে কৃত্রিম বুদ্ধিমত্তাৰ অন্তৰ্ভুক্তিয়ে বিশ্বৰ সকলো অ...

June 8, 2025 8:23 PM

views 78

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ  সপ্তাহযোৰা ভ্ৰমণসূচীৰে ফ্ৰান্স, ইউৰোপীয় সংঘ আৰু বেলজিয়ামলৈ ৰাওনা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আজি সপ্তাহযোৰা ভ্ৰমণসূচীৰে ফ্ৰান্স, ইউৰোপীয় সংঘ আৰু বেলজিয়ামলৈ ৰাওনা হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত বৈদেশিক মন্ত্ৰীগৰাকীয়ে ফ্ৰান্সৰ পেৰিছত দেশখনৰ বিদেশ মন্ত্ৰী জ্যান নৱেল বেৰোটৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। শ্ৰীজয়শংকৰে দেশখনৰ আন আন জ্যেষ্ঠ নেতাৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে বুদ্ধিজীৱি আৰু সংবাদ মাধ্যমৰ সৈতেও মত বিনিময় কৰিব। ইউৰোপ ভ্ৰমণৰ সময়ছোৱাত শ্ৰীজয়শংকৰে ইউৰোপীয় সংঘৰ শীৰ্ষ প্ৰতিনিধি আৰু উপৰাষ্ট্ৰপতি কাজাকাল্লাচৰ সৈতে কূটনৈতিক আলোচনাত মিলিত হ'ব। মন...