April 27, 2025 11:33 AM

views 51

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু ইজিপ্তৰ বিদেশ মন্ত্ৰী ড০ বদৰ আবদেলাট্টিৰ মাজত সন্ত্ৰাসবাদ সম্পৰ্কে টেলিফোনিক বাৰ্তালাপ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ইজিপ্তৰ বিদেশ মন্ত্ৰী ড০ বদৰ আবদেলাট্টিৰ সৈতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়তাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমযোগে ড০ জয়শংকৰে ইজিপ্তৰ বিদেশ মন্ত্ৰীগৰাকীয়ে তেওঁৰ সৈতে ফোন যোগে কথা পতাৰ বিষয়ে উল্লেখ কৰি পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত ভাৰতক জনোৱা সমর্থনৰ বাবে ধন্যবাদ জনায়।

April 16, 2025 12:00 PM

views 56

দেশৰ উত্তৰ-পূব খণ্ড চুবুৰীয়া প্ৰথম নীতি, এক্ট ইষ্ট নীতি আৰু বিমস্টেকৰ দৰে ভাৰতৰ গুৰুত্বপূৰ্ণ নীতিসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণঃ ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে দেশৰ উত্তৰ-পূব খণ্ড চুবুৰীয়া প্ৰথম নীতি, এক্ট ইষ্ট নীতি আৰু বিমস্টেকৰ দৰে ভাৰতৰ গুৰুত্বপূৰ্ণ নীতিসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু সময়ৰ লগে লগে এই খণ্ডৰ প্ৰাসঙ্গিকতা বৃদ্ধি পাব। ড'নাৰ মন্ত্ৰালয়ে আয়োজন কৰা সমাগত উত্তৰ-পূব বিনিয়োগ সন্মিলন সন্দৰ্ভত প্রতিনিধিসকলৰ এখন বৈঠকত অংশগ্ৰহণ কৰি ড০ জয়শংকৰে এই কথা প্ৰকাশ কৰে। তেওঁ বিদেশী বিনিয়োগকাৰীসকলক উত্তৰ-পূব খণ্ডৰ বিভিন্ন সুযোগ আৰু সম্ভাৱনীয়তাসমূহৰ অন্বেষণ কৰি তেওঁলোকৰ চৰকাৰ তথা উদ্যোগসমূহৰ জৰিয়তে ইয়া...

March 23, 2025 8:05 PM

views 55

দক্ষিণ আফ্ৰিকাৰ ফিনিক্স ছেটেলমেন্ট ট্রাষ্ট গান্ধী ডেভেলপমেন্ট ট্রাষ্টে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয়ক মহাত্মা গান্ধীৰ সৈতে জড়িত হস্তনির্মিত সামগ্রী তথা বিভিন্ন নথি অৰ্পন

দক্ষিণ আফ্ৰিকাৰ ফিনিক্স ছেটেলমেন্ট ট্রাষ্ট গান্ধী ডেভেলপমেন্ট ট্রাষ্টে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয়ক মহাত্মা গান্ধীৰ সৈতে জড়িত হস্তনির্মিত সামগ্রী তথা বিভিন্ন নথি অৰ্পন কৰাৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ উপস্থিত থাকে। ড০ জয়শংকৰে এটা বাৰ্তাৰ জৰিয়তে কয়, যে মহাত্মা গান্ধীৰ জীৱন আৰু আদৰ্শই ভৱিষ্যত প্রজন্মসমূহকো অনুপ্রাণিত কৰি ৰাখিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি মহাত্মা গান্ধীয়ে নিজ হাতে বোৱা কাপোৰকে ধৰি বিভিন্ন সামগ্ৰী ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয়ক হস্তান্তৰ কৰা হৈছে...

March 23, 2025 6:23 PM

views 80

ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিৰ দেশ হিচাপে শক্তি সম্পৰ্কৰ বিকাশৰ প্রয়োজনীয়তা আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ মত পোষণ

ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিৰ দেশ হিচাপে শক্তি সম্পৰ্কৰ বিকাশৰ প্রয়োজনীয়তা আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে মত পোষণ কৰে। কালি সন্ধিয়া মুম্বাইত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ড০ জয়শংকৰে কয় যে দশক দশক ধৰি বিশ্বায়নৰ সুফলৰ বিষয়ে শুনি থকাৰ পাছত আজি বিশ্বই উদ্যোগিক নীতি ৰপ্তানি নিয়ন্ত্ৰণ আৰু শুষ্ক যুদ্ধৰ বাস্তৱতাৰ সৈতে যুঁজ দিছে। ড০ জয়শংকৰে কয় যে আহিবলগীয়া দশকটোত শক্তি সুৰক্ষা সুনিশ্চিত কৰাটো ভাৰতৰ কূটনীতিৰ মুখ্য উদ্দেশ্য হোৱা উচিত। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে ...

February 26, 2025 11:50 AM

views 63

ভাৰত-ম্যানমাৰ-থাইলেণ্ড সংযোগী ত্রিদেশী ঘাইপথে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিৰ ক্ষেত্ৰত নির্ণায়ক পৰিৱৰ্তনৰ সূচনা কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ প্ৰকাশ

ভাৰত-ম্যানমাৰ-থাইলেণ্ড সংযোগী ত্রিদেশী ঘাইপথে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিৰ ক্ষেত্ৰত নির্ণায়ক পৰিৱৰ্তনৰ সূচনা কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ কালি প্ৰথম দিনা এক্ট ইষ্ট, এক্ট ফাষ্ট এণ্ড এক্ট ফার্ষ্ট শীর্ষক আলোচনা সত্ৰত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয়, যে বিভিন্ন কাৰণত এই ত্রিদেশীয় ঘাইপথ নিৰ্মাণ স্থবিৰ হৈ আছে যদিও বাস্তৱসন্মত সমাধান উলিয়াই এই প্ৰকল্পটো আগুৱাই লৈ যাব লাগিব। একেদৰে ভূটানৰ গেলেফুত মাইণ্ডফুলনেচ চিটী নিৰ্মাণ হৈ...

February 23, 2025 11:17 AM

views 62

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণক সফল বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ প্ৰকাশ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চলিত মাহৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণক সফল বুলি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ মাজত সু-সম্পর্ক থকা বুলি ড০ জয়শংকৰে প্ৰকাশ কৰে। চৰকাৰী ভ্ৰমণসূচীৰে যোৱা ১২ আৰু ১৩ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যোৱা শ্ৰী মোদীয়ে এই ভ্রমণকালত দুয়োগৰাকী নেতাই বিভিন্ন দ্বিপাক্ষিক বিষয় লৈ আলোচনা কৰে। নিজ নিজ দেশক লৈ দুয়োগৰাকী নেতাৰে নিজস্ব দৃষ্টিভংগী থকাৰ লগতে উভয় দেশে একেলগে কাম কৰি যাব বুলিও ড০ জয়শ...

February 23, 2025 11:14 AM

views 51

সমাগত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ভাগ লোৱাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নেতৃত্বত  গুৱাহাটীত উপস্থিত হব বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তৰ প্রতিনিধি দল

সমাগত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ভাগ লোৱাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নেতৃত্বত বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তৰ এটা প্রতিনিধি দল আজি গুৱাহাটীত উপস্থিত হোৱাৰ কথা। জাপান, দক্ষিণ কোৰিয়া, থাইলেণ্ড ছিংগাপুৰ, অস্ট্রেলিয়া, জার্মানী, ইটালী, ভূটানকে ধৰি ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধি দলটো আজি বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত হ'ব। দলটোৱে বিনিয়োগ সন্মিলনত অংশ লোৱাৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব। ইপিনে এই সন্মিলন সর্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তুলিবলৈ মুখ্যমন...

February 16, 2025 9:01 PM

views 45

অমানত অনুষ্ঠিত অষ্টম ভাৰতীয় সাগৰ সন্মিলনত বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি অমানৰ ৰাজধানী মাস্কটত অষ্টম ভাৰতীয় সাগৰ সন্মিলনত অংশগ্ৰহণ কৰি কয়, যে সমগ্ৰ বিশ্ব পৰিৱৰ্তনৰ ঢৌৰ মাজেৰে অগ্ৰসৰ হৈ থকাৰ মাজতে এই সন্মিলন অনুষ্ঠিত হৈছে। তেওঁ কয়, যে আন্তর্জাতিক ব্যৱস্থাসমূহত দেখা দিয়া পৰিৱৰ্তনক নতুন বিচাৰধাৰা তথা সিদ্ধান্তৰ উপৰি বিশ্বৰ সন্মুখত আহি পৰা পৰিস্থিতিৰ দৃষ্টিভংগীৰেও বুজিব পাৰি। তেওঁ কয়, যে ভাৰতীয় সমুদ্ৰ ক্ষেত্ৰ এই নীতিৰ পৰা পৃথক নহয়। এই সন্মিলনৰ জৰিয়তে অংশীদাৰীসকলৰ মাজত একতাৰ সৃষ্টি হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে। ভাৰত-পশ্চিম এছিয়া ই...

February 3, 2025 8:32 PM

views 58

ৰাহুল গান্ধীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ বিষয়ে ইচ্ছাকৃতভাৱে মিথ্যাৰ আশ্ৰয় লোৱা বুলি বৈদেশিক মন্ত্ৰীৰ অভিযোগ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে বিগত বৰ্ষৰ ডিচেম্বৰত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ বিষয়ে ইচ্ছাকৃতভাৱে মিথ্যাৰ আশ্ৰয় লোৱা বুলি অভিযোগ তোলে। সামাজিক বিষয়টো আলোচনা হোৱা নাছিল। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনে ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ নকৰাটো সৰ্বজন বিদিত বুলি তেওঁ উল্লেখ কৰে । ৰাহুল গান্ধীয়ে ৰাজনৈতিক কাৰণত মিথ্যাৰ আশ্ৰয় ললেও আন্তর্জাতিক পর্যায়ত ইয়াৰ জৰিয়তে দেশৰ সন্মানত আঘাত লগা বুলি তেওঁ মত প্ৰকাশ কৰে।

January 14, 2025 2:18 PM

views 66

ভাৰতৰ বিশ্বব্যাপী গুৰুত্ব বৃদ্ধি পোৱাৰ লগতে বিশ্বৰ বহুধা বিভক্ত শক্তিসমূহক সঠিক দিশ নিৰ্দেশ কৰাৰ সামর্থ্য আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ প্ৰকাশ

ভাৰতৰ বিশ্বব্যাপী গুৰুত্ব বৃদ্ধি পোৱাৰ লগতে প্ৰত্যাহ্বানমূলক সময়ত অর্থপূর্ণ সহযোগিতা প্রদান আৰু বিশ্বৰ মেৰুকৃত শক্তিসমূহক সঠিক দিশ নিৰ্দেশ কৰাৰ অনন্য ক্ষমতা আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। স্পেইনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক উদ্দেশ্যি দিয়া ভাষণত তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ "সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস"ৰ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে সাম্প্রতিক সময়ত অতি কম সংখ্যক ৰাষ্ট্ৰই ৰাছিয়া আৰু ইউক্রেইন উভয়ৰে সৈতে, নাইবা ইজৰা...