বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চলিত মাহৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণক সফল বুলি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ মাজত সু-সম্পর্ক থকা বুলি ড০ জয়শংকৰে প্ৰকাশ কৰে। চৰকাৰী ভ্ৰমণসূচীৰে যোৱা ১২ আৰু ১৩ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যোৱা শ্ৰী মোদীয়ে এই ভ্রমণকালত দুয়োগৰাকী নেতাই বিভিন্ন দ্বিপাক্ষিক বিষয় লৈ আলোচনা কৰে। নিজ নিজ দেশক লৈ দুয়োগৰাকী নেতাৰে নিজস্ব দৃষ্টিভংগী থকাৰ লগতে উভয় দেশে একেলগে কাম কৰি যাব বুলিও ড০ জয়শংকৰে প্ৰকাশ কৰে ৷
Assamese | February 23, 2025 11:17 AM | EAM Dr S Jaishankar
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণক সফল বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ প্ৰকাশ