বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে দেশৰ উত্তৰ-পূব খণ্ড চুবুৰীয়া প্ৰথম নীতি, এক্ট ইষ্ট নীতি আৰু বিমস্টেকৰ দৰে ভাৰতৰ গুৰুত্বপূৰ্ণ নীতিসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু সময়ৰ লগে লগে এই খণ্ডৰ প্ৰাসঙ্গিকতা বৃদ্ধি পাব। ড’নাৰ মন্ত্ৰালয়ে আয়োজন কৰা সমাগত উত্তৰ-পূব বিনিয়োগ সন্মিলন সন্দৰ্ভত প্রতিনিধিসকলৰ এখন বৈঠকত অংশগ্ৰহণ কৰি ড০ জয়শংকৰে এই কথা প্ৰকাশ কৰে। তেওঁ বিদেশী বিনিয়োগকাৰীসকলক উত্তৰ-পূব খণ্ডৰ বিভিন্ন সুযোগ আৰু সম্ভাৱনীয়তাসমূহৰ অন্বেষণ কৰি তেওঁলোকৰ চৰকাৰ তথা উদ্যোগসমূহৰ জৰিয়তে ইয়াৰ প্ৰসাৰৰ বাবে আহ্বান জনায়। উত্তৰ পূৰ্বাঞ্চলে পাঁচখন চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে সীমান্তৰ ভাগ-বটোৱাৰা কৰে বুলি উল্লেখ কৰি ড০ জয়শংকৰে কয় যে এই খণ্ডই ভাৰতীয় উপ-মহাদেশ আৰু আছিয়ান দেশসমূহৰ মাজৰ সেতু হিচাপে কাম কৰে। তেওঁ এই ক্ষেত্ৰত ত্রিপাক্ষিক ঘাইপথ আৰু কালাডান প্ৰকল্পৰ দৰে গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহত আলোকপাত কৰি শেহতীয়াকৈ উত্তৰ-পূব খণ্ডৰ পৰাই দেশৰ চুবুৰীয়া ৰাষ্ট্ৰকেইখনৰ সৈতে হোৱা আলোচনা তথা চুক্তিৰ কথা উল্লেখ কৰে।
Assamese | April 16, 2025 12:00 PM | EAM Dr S Jaishankar
দেশৰ উত্তৰ-পূব খণ্ড চুবুৰীয়া প্ৰথম নীতি, এক্ট ইষ্ট নীতি আৰু বিমস্টেকৰ দৰে ভাৰতৰ গুৰুত্বপূৰ্ণ নীতিসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণঃ ড০ এছ জয়শংকৰ