জাপানৰ বিদেশ মন্ত্রী ট’ম্বিমিটধু ম’টেগি তিনিদিনীয়া ভাৰত ভ্ৰমণসূচী লৈ কাইলৈ নতুন দিল্লীত উপস্থিত হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি শুকুৰবাৰে তেওঁ হায়দৰাবাদ হাউছত বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰিব। শনিবাৰে তেওঁ ৰাজঘাটলৈ গৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু পাছত দিল্লী মেট’ পৰিদৰ্শন কৰিব। চলিত বৰ্ষৰ আৰম্ভণিতে দক্ষিণ আফ্রিকাত অনুষ্ঠিত জি-২০ নেতা সম্মিলনৰ সময়ত জোহান্সবার্গত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শ্বানাই টাকাইচি বৈঠকত মিলিত হৈছিল। দুয়োগৰাকী নেতাই পাৰস্পৰিক সদিচ্ছা তথা মুক্ত ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত ভিত্তি কৰি গঠিত ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বৰ গুৰুত্ব পুনৰ দৃঢ় কৰে।
Assamese | January 15, 2026 10:21 AM | EAM Dr S Jaishankar
জাপানৰ বিদেশ মন্ত্রী ট’ম্বিমিটধু ম’টেগিৰ তিনিদিনীয়া ভাৰত ভ্ৰমণসূচী