বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে আজিৰে পৰা ১০ জুলাইলৈ চৰকাৰী কাৰ্যসূচীৰে কাটাৰ, বাহৰেইন, কুৱেইট আৰু ওমান ভ্ৰমণ কৰিব। ভ্ৰমণৰ সময়ছোৱাত ড° জয়শংকৰে দেশ কেইখনৰ বিদেশ মন্ত্ৰীৰ লগতে অন্যান্য নেতৃবৃন্দৰ সৈতে মিলিত হ’ব।
তেওঁৰ এই ভ্রমণে দেশ কেইখনৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পর্ক অধিক উন্নীত কৰাৰ লগতে আঞ্চলিক বিকাশ আৰু অন্যান্য পাৰস্পৰিক গুৰুত্ব সম্পন্ন বিষয়সমূহ সম্পর্কে মত বিনিময় কৰাৰ সুযোগ দিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে।
মন্ত্ৰীগৰাকীয়ে ওমান ভ্ৰমণৰ পাছক ১৩ জুলাইত নিউয়র্কলৈ যাব। তাত তেওঁ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ ২০২৮-২৯ বৰ্ষৰ কাৰ্যকালৰ বাবে প্ৰচাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে তৃতীয় ভাৰত-ইউৰোপীয় সংঘ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিব।
১৪ আৰু ১৫ জুলাইত ব্রুচেলচত হ’বলগীয়া এই বৈঠকৰ সময়ত ড° জয়শংকৰে ইউৰোপীয় সংঘ আৰু বেলজিয়ামৰ বিদেশ মন্ত্ৰীৰ সৈতেও মত বিনিময় কৰিব।