জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি ড০ হুছেইন আলী মিউনিয়ে চেন্নাইত থকা ভাৰতীয় প্রযুক্তি প্ৰতিষ্ঠানৰ মাদ্ৰাছ প্রাঙ্গন পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্রতিষ্ঠানখনৰ জাঞ্জিবাৰত থকা শাখা মুকলি কৰাৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতাৰ শলাগ লয়।
উল্লেখযোগ্য যে ভাৰতীয় প্রযুক্তি প্রতিষ্ঠান মাদ্ৰাছৰ জাঞ্জিবাৰ প্রাঙ্গন হৈছে ভাৰতীয় প্রায়োগিক আৰু অর্থনৈতিক সহযোগিতা প্রশিক্ষণ কাৰ্যসূচীৰ লগতে ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক জলপানি পৰিষদৰ উপৰি জল প্রকল্পসমূহৰ বাবে দেশীয় সহযোগিতা আৰু দ্বিপাক্ষিক শৈক্ষিক সহযোগিতাৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য অগ্রগতি।
বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰেও ৰাষ্ট্ৰপতি মিউনিয়িক আজি পুৱাৰ ভাগত সাক্ষাৎ কৰে। উল্লেখযোগ্য যে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ আমন্ত্ৰণ মর্মে জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে চাৰিদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰিছে।
এই ভ্রমণকালত ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ পত্নী আৰু মন্ত্ৰী তথা জ্যেষ্ঠ বিষয়াসকলৰ এটা উচ্চ পর্যায়ৰ প্ৰতিনিধি দলে সংগ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি গ্লোবেল ছাউথৰ মিত্র দেশ হিচাপে ভাৰত আৰু তাঞ্জানিয়াই ব্যাপক খণ্ড সামৰি মিত্ৰতা আৰু সহযোগিতাৰ নিবিড় তথা দীর্ঘস্থায়ী মিত্ৰতাৰ এনাজৰী বজাই ৰাখিছে।