July 7, 2026 8:17 PM

views 9

ছিৰিয়াৰ ৰাজধানী ডামাস্কাচত ২টা বিস্ফোৰণত ৪গৰাকী আৰক্ষী বিষয়াসহ ১৮গৰাকী লোক আহত

ছিৰিয়াৰ ৰাজধানী ডামাস্কাচত আজি বিয়লি হোৱা দুটা বিস্ফোৰণত চাৰিগৰাকী আৰক্ষী বিষয়াসহ ১৮গৰাকী লোক আহত হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' আৰু ছিৰিয়াৰ ৰাষ্ট্ৰপতি আহমদ অল-ছাৰা ৰাষ্ট্ৰপতি ভৱনত বৈঠকত মিলিত হোৱাৰ কিছু সময় পূর্বে এই বিস্ফোৰণ সংঘটিত হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকী কালি ছিৰিয়াৰ ৰাজধানী...

July 7, 2026 8:11 PM

views 6

বাংগালোৰৰ ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠানক ইণ্ডোনেছিয়াত এটা চৌহদ মুকলি কৰাৰ বাবে প্রধানমন্ত্ৰী  মোদীৰ অনুমোদন 

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কয় যে বাংগালোৰৰ ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠানক ইণ্ডোনেছিয়াত ইয়াৰ এটা চৌহদ মুকলি কৰাৰ বাবে দিয়া অনুমতিক ভাৰতীয় শিক্ষা খণ্ডত এটা নতুন যুগৰ সূচনা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ত এই চৌহদটো স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনায়। ত...

July 7, 2026 7:45 PM

views 8

চিনামৰা উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীৰ

যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে আজি চিনামৰা উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। নির্মাণস্থলী পৰিদৰ্শনকালত তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত উৰণ সেতু সম্পূৰ্ণ কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়া, অভিযন্তা তথা নিৰ্মাণকাৰী সংস্থাক সমগ্ৰ প্ৰক্ৰিয়াটো অধিক ...

July 7, 2026 7:32 PM

views 10

প্রধানমন্ত্ৰী অনুসূচিত জাতিৰ অভ্যুদয় যোজনাৰ অধীনত শোণিতপুৰ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত অনুদানভিত্তিক বিত্তীয় সহায় বিতৰণ অনুষ্ঠান সম্পন্ন

প্রধানমন্ত্ৰী অনুসূচিত জাতিৰ অভ্যুদয় যোজনাৰ অধীনত শোণিতপুৰ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত আজি অনুদানভিত্তিক বিত্তীয় সহায় বিতৰণ অনুষ্ঠান সম্পন্ন হয়। ৰাজ্যিক গ্রাম্য জীৱিকা অভিযানৰ সহযোগত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত শোণিতপুৰ জিলা আয়ুক্তগৰাক...

July 7, 2026 7:24 PM

views 10

শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে ১৩ জুলাইৰ পৰা দুমাহলৈ বন্ধ থাকিব

শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে ১৩ জুলাইৰ পৰা দুমাহলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰকাশ কৰিছে। এখন সংবাদমেলযোগে জিলা আয়ুক্তগৰাকীয়ে কয়, যে দুমাহৰ ভিতৰত দলংখনৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা হ'ব। অহা ১৫ ছেপ্তেম্বৰত শৰাইঘাটৰ পুৰণি দলংখনেৰে পুনৰ যাতায়াত আৰম্ভ হ'ব বুলি জিলা ...

July 7, 2026 7:22 PM

views 10

২০২৫বৰ্ষত মাদক দ্রব্য সম্পর্কিত গোচৰত ৪,৯০১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে

ৰাজ্যত মাদক দ্রব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্রকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত ড্ৰাগছমুক্ত অসম সন্দৰ্ভত হোৱা আলোচনাত প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজ্যত মাদক দ্রব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰ...

July 7, 2026 6:46 PM

views 8

আজি নিশা ৯.৩০ বজাত বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্রি-কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ’ব

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত হ'বলগীয়া প্রি-কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা ৯.৩০ বজাত অনুষ্ঠিত হ'ব। আনহাতে কানাডাৰ ভেংকুভাৰত আজি হ'বলগীয়া প্রি-কোৱাৰ্টাৰ ফাইনেলৰ অন্তিমখন খেলত কলম্বিয়াই ছুইজাৰলেণ্ডৰ বিৰুদ...

July 7, 2026 6:46 PM

views 8

ইন্দোনেছিয়াৰ ৰাজধানী জাকার্টাত ৰাষ্ট্ৰপতি প্রাব’ৱ’ ছুবিয়াণ্টোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইন্দোনেছিয়াৰ ৰাজধানী জাকার্টাত ৰাষ্ট্ৰপতি প্রাব’ৱ’ ছুবিয়াণ্টোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। এই আলোচনাকালত তেওঁ বৈদেশিক সম্পর্ক পর্যালোচনা কৰাৰ লগতে দুয়োখন দেশৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্বক গতি প্ৰদান কৰা বিষয়তো আলোকপাত কৰে। দুয়ো দেশৰ নেতা দুগৰ...

July 7, 2026 6:28 PM

views 8

প্রধানমন্ত্ৰী মোদী বিনটাং আদিপূর্ণা অব্ দা ৰিপাব্লিক অব্ ইন্দোনেছিয়া সন্মানেৰে সন্মানিত হোৱাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অভিনন্দন জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিনটাং আদিপূর্ণা অব্ দা ৰিপাব্লিক অব্ ইন্দোনেছিয়া সন্মানেৰে সন্মানিত হোৱাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অভিনন্দন জ্ঞাপন কৰিছে। শ্রী সিঙে কয়, যে এই সন্মান প্রধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্ব, ৰূপান্তৰকামী মানসিকতা আৰু ভাৰতক বিকাশৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দৃঢ় সংক...

July 7, 2026 6:26 PM

views 9

কাইলৈৰ পৰা দুদিনীয়াকৈ ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক

ভাৰতে কাইলৈৰ পৰা দুদিনীয়াকৈ ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক আয়োজন কৰিছে। কেৰালাৰ কোচ্চিত আয়োজিত এই বৈঠকৰ বিষয়ে প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে ব্ৰীকছ গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ মন্ত্ৰীসকলে পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ লগতে ...