প্রধানমন্ত্ৰী মোদী বিনটাং আদিপূর্ণা অব্ দা ৰিপাব্লিক অব্ ইন্দোনেছিয়া সন্মানেৰে সন্মানিত হোৱাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অভিনন্দন জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিনটাং আদিপূর্ণা অব্ দা ৰিপাব্লিক অব্ ইন্দোনেছিয়া সন্মানেৰে সন্মানিত হোৱাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অভিনন্দন জ্ঞাপন কৰিছে। শ্রী সিঙে কয়, যে এই সন্মান প্রধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্ব, ৰূপান্তৰকামী মানসিকতা আৰু ভাৰতক বিকাশৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দৃঢ় সংকল্পৰ লগতে গোলকীয় অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি ব্যতিক্রমী স্বীকৃতি।

শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে ইন্দোনেছিয়াৰ সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মান লাভ কৰাৰ বাবে শ্রী মোদীক অভিনন্দন জ্ঞাপন কৰিছে। ভাৰত আৰু ইন্দোনেছিয়াই প্ৰাচীন কালৰেপৰা সামুদ্রিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত সু-সম্পর্ক বৰ্তাই ৰাখি আহিছে বুলি উল্লেখ কৰি এই সন্মান লাভ কৰাটো দেশবাসীৰ বাবে আনন্দৰ বিষয় বুলি মন্তব্য কৰে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিনটাং আদিপূর্ণা অব্ দা ৰিপাব্লিক অব্ ইন্দোনেছিয়া সন্মান প্ৰদান ভাৰতীয়সকলৰ বাবে অতিশয় গৌৰৱৰ বিষয় বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে প্ৰকাশ কৰিছে।

সামাজিক মাধ্যমৰ বাৰ্তাযোগে ড° জয়শংকৰে কয়, যে এই সন্মান ভাৰতৰ সৰ্বাত্মক কৌশলগত অংশীদাৰিত্ব আৰু ভাৰত-আছিয়ান ৰাষ্ট্ৰসমূহৰ বান্ধোন শক্তিশালী কৰাৰ দিশত প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা প্ৰচেষ্টাৰ অনন্য স্বীকৃতি। ১৯৫৯ চনৰ পৰা প্ৰদান কৰি অহা ইন্দোনেছিয়াৰ এই সন্মান দেশখনৰ একতা, ধাৰাবাহিকতা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত অনবদ্য বৰঙণি আগবঢ়োৱা ব্যক্তিলৈ প্ৰদান কৰি অহা হৈছে।