ছিৰিয়াৰ ৰাজধানী ডামাস্কাচত ২টা বিস্ফোৰণত ৪গৰাকী আৰক্ষী বিষয়াসহ ১৮গৰাকী লোক আহত

ছিৰিয়াৰ ৰাজধানী ডামাস্কাচত আজি বিয়লি হোৱা দুটা বিস্ফোৰণত চাৰিগৰাকী আৰক্ষী বিষয়াসহ ১৮গৰাকী লোক আহত হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ আৰু ছিৰিয়াৰ ৰাষ্ট্ৰপতি আহমদ অল-ছাৰা ৰাষ্ট্ৰপতি ভৱনত বৈঠকত মিলিত হোৱাৰ কিছু সময় পূর্বে এই বিস্ফোৰণ সংঘটিত হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকী কালি ছিৰিয়াৰ ৰাজধানী চহৰত উপস্থিত হয়।

যুদ্ধবিধবস্ত দেশখনত পূৰ্বৰ মুৰব্বী বাছাৰ অল-আছাদ কাৰ্যকালৰ অৱসানৰ পাছৰে পৰা এয়া হৈছে ইউৰোপীয় সংঘৰ নেতাৰ প্ৰথম ভ্রমণ। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ থকা হোটেলখনৰ সমীপতে এই বিস্ফোৰণ সংঘটিত হয় বুলি ভালমোন সংবাদ গোষ্ঠীয়ে জানিবলৈ দিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ভৱনৰ কাৰ্যালয়ে জাৰি কৰা এটা বিজ্ঞপ্তিত জানিবলৈ দিছে যে ৰাষ্ট্ৰপতি মেক্ৰ’ সুকলমে আছে আৰু তেওঁৰ ভ্ৰমণ অব্যাহত থাকিব।

ছিৰিয়াৰ আভ্যন্তৰীণ মন্ত্ৰালয়ৰ সূত্ৰই জানিবলৈ দিছে যে দেশখনৰ সুৰক্ষা বাহিনীসমূহে বিস্ফোৰণ সংঘটিত কৰাৰ বাবে ৰখা দুটা বিস্ফোৰক সামগ্ৰী ধৰা পেলোৱাৰ পাছত ইয়াক নিক্ৰীয় কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে বিস্ফোৰণ সংঘটিত হয়। মাহটোৰ আৰম্ভণিতে মধ্য ডামাস্কাচৰ এখন কেফেত বোমা বিস্ফোৰণ হৈ ৯গৰাকী লোক নিহত হোৱাৰ বিপৰীতে ২০গৰাকী লোক আহত হৈছিল। দেশখনৰ কৰ্তৃপক্ষই এয়া সন্ত্ৰাসবাদীৰ আক্ৰমণ বুলি উল্লেখ কৰিছে।