July 7, 2026 8:17 PM

views 11

ছিৰিয়াৰ ৰাজধানী ডামাস্কাচত ২টা বিস্ফোৰণত ৪গৰাকী আৰক্ষী বিষয়াসহ ১৮গৰাকী লোক আহত

ছিৰিয়াৰ ৰাজধানী ডামাস্কাচত আজি বিয়লি হোৱা দুটা বিস্ফোৰণত চাৰিগৰাকী আৰক্ষী বিষয়াসহ ১৮গৰাকী লোক আহত হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' আৰু ছিৰিয়াৰ ৰাষ্ট্ৰপতি আহমদ অল-ছাৰা ৰাষ্ট্ৰপতি ভৱনত বৈঠকত মিলিত হোৱাৰ কিছু সময় পূর্বে এই বিস্ফোৰণ সংঘটিত হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকী কালি ছিৰিয়াৰ ৰাজধানী চহৰত উপস্থিত হয়। যুদ্ধবিধবস্ত দেশখনত পূৰ্বৰ মুৰব্বী বাছাৰ অল-আছাদ কাৰ্যকালৰ অৱসানৰ পাছৰে পৰা এয়া হৈছে ইউৰোপীয় সংঘৰ নেতাৰ প্ৰথম ভ্রমণ। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' থকা হোটেলখনৰ সমীপতে এই বিস...

December 26, 2025 8:50 PM

views 45

চিৰিয়াৰ ৱাদ-অল-ধাহাবৰ এটা মছজিদত শুকুৰবাৰৰ নামাজৰ সময়ত বিস্ফোৰণ সংঘটিত হোৱাত কমেও ৫ গৰাকী লোক নিহত হোৱাৰ লগতে ২১গৰাকী লোক আহত

চিৰিয়াৰ ৱাদ-অল-ধাহাবৰ এটা মছজিদত শুকুৰবাৰৰ নামাজৰ সময়ত বিস্ফোৰণ সংঘটিত হোৱাত কমেও পাঁচগৰাকী লোক নিহত হোৱাৰ লগতে ২১গৰাকী লোক আহত হৈছে। চিৰিয়াৰ ছানা সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি জৰুৰীকালীন দল অঞ্চলটোলৈ তৎকালে ৰাওনা হৈ উদ্ধাৰ অভিযান চলাই আহতসকলক সমীপৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। নিৰাপত্তা বাহিনীসমূহে অঞ্চলটো ঘেৰাও কৰি ৰাখিছে।

June 23, 2025 8:52 PM

views 60

ছিৰিয়াৰ ৰাজধানী দামাস্কাচৰ গীৰ্জাত আত্মঘাটি বোমা বিস্ফোৰণত কমেও ২২ জন লোকৰ মৃত্যু হোৱাৰ উপৰি ৬৩ জন লোক গুৰুতৰভাৱে আহত

ছিৰিয়াৰ ৰাজধানী দামাস্কাচৰ এটা গীৰ্জাত কালি সন্ধিয়া আত্মঘাটি বোমা বিস্ফোৰণত কমেও ২২ জন লোকৰ মৃত্যু হোৱাৰ উপৰি ৬৩ জন লোক গুৰুতৰভাৱে আহত হয়। বহু বছৰৰ পাছত ৰাজধানী চহৰখনৰ খ্ৰীষ্টান ধর্মীয়স্থানত এনে আক্ৰমণ প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে। তথ্য অনুসৰি চেইণ্ট ইলিয়াছ অর্থদস্ক গীৰ্জাত দেওবাৰে সন্ধিয়া প্ৰাৰ্থনাৰ বাবে লোকসকল সমবেত হোৱাৰ সময়তে দুজন আক্ৰমণকাৰীয়ে মুকলিকৈ গুলিচালনা কৰাৰ লগতে প্ৰৱেশ পথতে বোমা বিস্ফোৰণ কৰে। এই আক্ৰমণত মহিলা আৰু শিশুৰ মৃত্যু হোৱাৰ তথ্যও পোৱা গৈছে।

March 9, 2025 11:26 AM

views 52

ইছলামিক সহযোগিতা সংগঠনৰ বিদেশ মন্ত্ৰীসকলৰ গোটৰ ছিৰিয়াৰ সদস্য পদ পুনৰ নবীকৰণ

ইছলামিক সহযোগিতা সংগঠনৰ বিদেশ মন্ত্ৰীসকলৰ গোটে ১২ বছৰৰ বিৰতিৰ মূৰত ছিৰিয়াৰ সদস্য পদ পুনৰ নবীকৰণ কৰিছে। শুকুৰবাৰে জেদ্দাহত সংগঠনটোৰ সাধাৰণ পৰিষদত হোৱা ২০ সংখ্যক অসাধাৰণ সত্ৰত মন্ত্রীগোটে সংগঠনৰ সচিবপ্ৰধানক সিদ্ধান্তটো কাৰ্যকৰী কৰিবলৈ আৰু পৰৱৰ্তী সত্ৰত বিষয়টো উল্লেখ কৰিবলৈ দায়িত্ব প্ৰদান কৰে। উল্লেখযোগ্য যে ২০১২ চনৰ পৰা নিলম্বিত হৈ থক ছিৰিয়াই অলপতে সদস্য পথ পুনৰ ঘূৰাই পাবলৈ সংগঠনটোক আনুষ্ঠানিক আবেদন দাখিল কৰিছিল। ছিৰিয়াই এই সিন্ধান্তক আদৰণি জনাইছে।