কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কয় যে বাংগালোৰৰ ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠানক ইণ্ডোনেছিয়াত ইয়াৰ এটা চৌহদ মুকলি কৰাৰ বাবে দিয়া অনুমতিক ভাৰতীয় শিক্ষা খণ্ডত এটা নতুন যুগৰ সূচনা হৈছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ত এই চৌহদটো স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনায়।
তেওঁ লগতে কয় যে ইণ্ডোনেছিয়াত এই চৌহদটো স্থাপনৰ ফলত ভাৰতীয় পৰম্পৰাগত জ্ঞান আৰু শিক্ষা ব্যৱস্থা বিশ্বমুখী হোৱাৰ দিশত এটা উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে।