প্রধানমন্ত্ৰী অনুসূচিত জাতিৰ অভ্যুদয় যোজনাৰ অধীনত শোণিতপুৰ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত অনুদানভিত্তিক বিত্তীয় সহায় বিতৰণ অনুষ্ঠান সম্পন্ন

প্রধানমন্ত্ৰী অনুসূচিত জাতিৰ অভ্যুদয় যোজনাৰ অধীনত শোণিতপুৰ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত আজি অনুদানভিত্তিক বিত্তীয় সহায় বিতৰণ অনুষ্ঠান সম্পন্ন হয়।

ৰাজ্যিক গ্রাম্য জীৱিকা অভিযানৰ সহযোগত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত শোণিতপুৰ জিলা আয়ুক্তগৰাকী মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

অনুষ্ঠানত জিলাখনৰ মুঠ ২০টা আত্মসহায়ক গোট আৰু ৩০ গৰাকী আত্মসহায়ক গোটৰ সদস্যক আর্থিক অনুদান বিতৰণ কৰা হয়। আর্থিক অনুদান বিতৰণ উপলক্ষে আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনীও অনুষ্ঠিত হয়।