শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে ১৩ জুলাইৰ পৰা দুমাহলৈ বন্ধ থাকিব

শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে ১৩ জুলাইৰ পৰা দুমাহলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰকাশ কৰিছে। এখন সংবাদমেলযোগে জিলা আয়ুক্তগৰাকীয়ে কয়, যে দুমাহৰ ভিতৰত দলংখনৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা হ’ব। অহা ১৫ ছেপ্তেম্বৰত শৰাইঘাটৰ পুৰণি দলংখনেৰে পুনৰ যাতায়াত আৰম্ভ হ’ব বুলি জিলা আয়ুক্তগৰাকীয়ে লগতে জানিবলৈ দিয়ে।