July 8, 2026 8:34 PM

views 9

টুৰ্কীৰ ৰাজধানী আংকাৰাত নাটোৰ শীৰ্ষ সন্মিলন

ইৰাণৰ সৈতে সংঘাতৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অন্ত পৰা বুলি উল্লেখ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে কয়, যে তেওঁ তেহৰানৰ সৈতে জড়িত হ'বলৈ বিচৰা নাছিল। টুৰ্কীৰ ৰাজধানী আংকাৰাত অনুষ্ঠিত নাটোৰ শীৰ্ষ সন্মিলনৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত ট্রাম্পে এই বক্তব্য প্রকাশ কৰে। ইফালে, ইৰা...

July 8, 2026 8:26 PM

views 4

EPFO সন্দৰ্ভত কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী ড° মনসুখ মাণ্ডাভিয়াৰ মন্তব্য

কৰ্মচাৰী ভবিষ্যনিধি সংস্থা EPFO ই অহা ১৫ জুলাইৰ ভিতৰত প্ৰায় ৩৪ কোটি EPF একাউণ্টত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৮ দশমিক ২-৫ শতাংশৰ সূদ জমা কৰাৰ কাম সম্পূর্ণ কৰিব। কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী ড° মনসুখ মাণ্ডাভিয়াই প্রকাশ কৰা মতে, নতুন কেন্দ্রীভূত তথ্য প্রযুক্তি আধাৰিত সেৱা ব্যৱস্থাৰে উপভোক্তাৰ একাউন্...

July 8, 2026 8:22 PM

views 5

উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ কাইলৈ ভুৱনেশ্বৰ ভ্ৰমণ

উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ কাইলৈ ওড়িশাৰ ভুৱনেশ্বৰলৈ যাব। এই ভ্রমণ কালত উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে ভূবনেশ্বৰস্থিত ওড়িশা কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ মুকলি সমুদ্ৰৰ মৎস্য পালনৰ বাবে প্ৰাধিকৰণ পত্ৰ জাৰি কৰা শুভাৰম্ভণি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ লগতে ওড়িশাৰ গভীৰ সমুদ্ৰত মাছ ধৰাৰ নথিও মুকলি কৰিব। ...

July 8, 2026 8:15 PM

views 4

সকলো বিমান বন্দৰত স্বয়ংক্রিয় এক্স-ৰে ট্রে ৰিটাৰ্ণ প্ৰণালী স্থাপন কৰিবলৈ মন্ত্ৰী অমিত শ্বাহৰ নির্দেশ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱে আজি দেশৰ গুৰুত্বপূৰ্ণ বিমান বন্দৰসমূহত যাত্রী সুবিধা, সুৰক্ষা ব্যৱস্থা আৰু ইমিগ্ৰেছন অর্থাৎ আপ্রবাসন প্রণালীৰ পৰ্যালোচনা কৰে। বৈঠকত শ্রীশ্বাহে সকলো বিমান বন্দৰত স্বয়ংক্রিয় এক্স-ৰে ট্রে ৰিটাৰ্ণ প্ৰণালী স্থাপন ...

July 8, 2026 8:11 PM

views 2

বৰষুণ ঘাটি হোৱা জিলাৰ সংখ্যা ২৬২ৰ পৰা ১৭৮ লৈ হ্রাস পাইছে : মন্ত্রী শিৱৰাজ সিং চৌহান

দেশৰ বিভিন্ন অংশত যোৱা কিছুদিনত ভাল বৰষুণ হৈছে আৰু ইয়াৰ ফলত বৰষুণ ঘাটি হোৱা জিলাৰ সংখ্যা ২৬২ৰ পৰা ১৭৮ লৈ হ্রাস পোৱা বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে প্রকাশ কৰিছে। নতুন দিল্লীত আজি এল নিনোৰ সম্ভাব্য প্রভাব সম্পৰ্কীয় এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে এইদ...

July 8, 2026 8:04 PM

views 8

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্রমণ আৰম্ভ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্রমণ আৰম্ভ হৈছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত সেতুবন্ধন কৰা প্ৰৱাসী ভাৰতীয়সকলক গুৰুত্ব দি অর্থনৈতিক আৰু কৌশলগত সংহতিৰ সূচনা কৰাই হৈছে এই ভ্রমণৰ মূল উদ্দেশ্যে। আকাশবাণীৰ বাতৰিৰ বিভাগৰ সৈতে হোৱা আছুতীয়া কথা বতৰাত মেলবৰ্ণৰ বিশিষ্ট ফার্মাচিষ্ট, স্বাস্থ্যসেৱা কর্মী তথা M...

July 8, 2026 7:46 PM

views 11

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীৰ বাবে উদ্যমিতা বিকাশ কাৰ্যসূচীৰ প্ৰশিক্ষণ আৰম্ভ

ৰাজ্যৰ বিভিন্ন জিলাত আজি মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ বাবে উদ্যমিতা বিকাশ কাৰ্যসূচীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। যোৰহাট জিলাৰ ডি চি বি ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কাজিৰঙাৰ সাংসদ কামাখ্যা প্রসাদ তাছাই এই প্রশিক্ষণ কার্যসূচী উদ্বোধন কৰে। আত্মনিৰ্ভৰ অসম: স্বাৱলম্বনৰ...

July 8, 2026 7:39 PM

views 9

চলিত মাহৰ প্ৰতি শুকুৰ-শনিবাৰে ডিমা হাছাও জিলাত বিভিন্ন পর্যটনস্থলীত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত

ডিমা হাছাও জিলাত পর্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদে পর্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পর্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। হাফলঙৰ পৰ্যটক তথ্য কেন্দ্ৰত অনুষ্ঠিত এখন সংবাদ মেলত কালি ডিমা হাছাও পৰ্য...

July 8, 2026 7:36 PM

views 8

AJAY অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ

প্রধানমন্ত্রী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। কামৰূপ জিলাৰ অনুসূচিত জাতিৰ ১৫০টা আত্মসহায়ক গোটক এই আঁচনিৰ অধীনত ২৫ হাজাৰৰ পৰা ৫০ হাজাৰ টকাকৈ বিত্তীয় সাহায্য প্রদান কৰা হয়। আমিনগাঁৱৰ বায়োটেক উদ্যানৰ সভাকক্ষত এই উপলক্ষে আয়োজিত অ...

July 8, 2026 7:29 PM

views 4

কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্রতিনিধি দলৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন

কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্রতিনিধি দলে আজি ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। দলটোৱে বানবিধবস্ত অৰুণ চাপৰি, মধুপুৰ, মাজৰবাৰী, আনন্দ নগৰ, চিমেন নদীৰ ৰে'লৱে দলং, লেকু নৈ, কেমি দলং আদিকে ধৰি বহুকেইটা অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষয়-ক্ষতিৰ বুজ লয়। প্রতিনিধি দল...