July 8, 2026 8:04 PM | PM in Australia

printer

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্রমণ আৰম্ভ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্রমণ আৰম্ভ হৈছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত সেতুবন্ধন কৰা প্ৰৱাসী ভাৰতীয়সকলক গুৰুত্ব দি অর্থনৈতিক আৰু কৌশলগত সংহতিৰ সূচনা কৰাই হৈছে এই ভ্রমণৰ মূল উদ্দেশ্যে। আকাশবাণীৰ বাতৰিৰ বিভাগৰ সৈতে হোৱা আছুতীয়া কথা বতৰাত মেলবৰ্ণৰ বিশিষ্ট ফার্মাচিষ্ট, স্বাস্থ্যসেৱা কর্মী তথা Member of the অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়া সন্মানেৰে বিভূষিত দীপক ছাংভিয়ে কয়, যে ইয়াৰ দ্বাৰা দুয়োখন দেশৰ সম্পর্কই এটা পৰিবৰ্তনশীল নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰত-অষ্ট্ৰেলিয়া অংশীদাৰিত্বৰ গাঁথনিগত কাঠামোত প্রবাসী ভাৰতীয়সকলে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ছাংভিয়ে উল্লেখ কৰে যে, বর্তমান মেলবর্ণত এই অঞ্চলটোৰ ভিতৰতে সর্বাধিক ভাৰতীয় লোক আছে। প্রধানমন্ত্রী মোদীৰ উপস্থিতিয়ে ভাৰতীয় সম্প্ৰদায়ৰ ৰাজহুৱা পৰিচয়ক মৌলিকভাৱে উন্নত কৰিছে।