July 10, 2026 10:18 AM

views 17

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্রমণৰ অন্তিম পর্যায়

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্রমণ অন্তিম পর্যায়ত উপনীত হৈছে। অষ্ট্ৰেলিয়া ভ্রমণ সামৰাৰ পূর্বে শ্রীমোদীয়ে আজি মেলবর্ণত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্রধানমন্ত্রীৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা আমাৰ সংবাদদাতাই জনোৱা মতে,  শ্রীমোদীয়ে আজি দেশখনৰ বিৰোধী পক্ষৰ নেতা এংগছ টেইলৰক সাক্ষাৎ কৰিব। বৈঠকত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু ৰাজনৈতিক সহযোগিতা সুদৃঢ় কৰাৰ বিষয় লৈ আলোচনা কৰিব।

July 8, 2026 8:04 PM

views 14

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্রমণ আৰম্ভ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্রমণ আৰম্ভ হৈছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত সেতুবন্ধন কৰা প্ৰৱাসী ভাৰতীয়সকলক গুৰুত্ব দি অর্থনৈতিক আৰু কৌশলগত সংহতিৰ সূচনা কৰাই হৈছে এই ভ্রমণৰ মূল উদ্দেশ্যে। আকাশবাণীৰ বাতৰিৰ বিভাগৰ সৈতে হোৱা আছুতীয়া কথা বতৰাত মেলবৰ্ণৰ বিশিষ্ট ফার্মাচিষ্ট, স্বাস্থ্যসেৱা কর্মী তথা Member of the অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়া সন্মানেৰে বিভূষিত দীপক ছাংভিয়ে কয়, যে ইয়াৰ দ্বাৰা দুয়োখন দেশৰ সম্পর্কই এটা পৰিবৰ্তনশীল নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰত-অষ্ট্ৰেলিয়া অংশীদাৰিত্বৰ গাঁথনিগত কাঠামোত প্রব...