সকলো বিমান বন্দৰত স্বয়ংক্রিয় এক্স-ৰে ট্রে ৰিটাৰ্ণ প্ৰণালী স্থাপন কৰিবলৈ মন্ত্ৰী অমিত শ্বাহৰ নির্দেশ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱে আজি দেশৰ গুৰুত্বপূৰ্ণ বিমান বন্দৰসমূহত যাত্রী সুবিধা, সুৰক্ষা ব্যৱস্থা আৰু ইমিগ্ৰেছন অর্থাৎ আপ্রবাসন প্রণালীৰ পৰ্যালোচনা কৰে। বৈঠকত শ্রীশ্বাহে সকলো বিমান বন্দৰত স্বয়ংক্রিয় এক্স-ৰে ট্রে ৰিটাৰ্ণ প্ৰণালী স্থাপন কৰিবলৈ নির্দেশ দিয়ে। তেওঁ কয়, যে নতুন বিমান বন্দৰসমূহত এই প্ৰণালী স্থাপনৰ বাবে যথোচিত মান নির্ধাৰণ কৰা উচিত। তেওঁ লগতে যাত্রী আহ-যাহ আৰু অসামৰিক বিমান পৰিবৰণ সুৰক্ষা ব্যুৰ’ৰ সুৰক্ষা মান অনুযায়ী বর্তমান উন্নয়নৰ কাম চলি থকা ২১টা আৰু বাকী থকা ৪১টা বিমান বন্দৰক অগ্রাধিকাৰ প্ৰদান কৰিবলৈ নির্দেশ দিয়ে। শ্রীশ্বাহে লগতে ১৬টা গুৰুত্বপূৰ্ণ বিমান বন্দৰত উপলব্ধ বেগেজ ড্রপ সুবিধা অধিক যাত্রী আহ-যাহ কৰা অন্য বিমান বন্দৰলৈ সম্প্ৰসাৰিত কৰিবলৈ নিৰ্দেশ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।