ইৰাণৰ সৈতে সংঘাতৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অন্ত পৰা বুলি উল্লেখ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে কয়, যে তেওঁ তেহৰানৰ সৈতে জড়িত হ’বলৈ বিচৰা নাছিল। টুৰ্কীৰ ৰাজধানী আংকাৰাত অনুষ্ঠিত নাটোৰ শীৰ্ষ সন্মিলনৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত ট্রাম্পে এই বক্তব্য প্রকাশ কৰে। ইফালে, ইৰাণে এই বিষয়ে পোনপটীয়াকৈ কোনো কথা প্ৰকাশ কৰা নাই। উল্লেখযোগ্য যে, বাম্বিংটন আৰু তেহৰানৰ মাজত স্বাক্ষৰিত অন্তৱৰ্তীকালীন যুদ্ধ বিৰতী চুক্তিখন প্রথম পৰ্যায়ত ৬০ দিনৰ বাবে আছিল যদিও কাটাৰত পৰোক্ষ আলোচনাৰ কোনো অগ্ৰগতিৰ ইংগিত বহন নকৰাকৈ সমাপ্ত হয় আৰু কালি আমেৰিকাৰ সেনাই ইৰাণৰ বিৰুদ্ধে পুনৰ আক্ৰমণ আৰম্ভ কৰে। ইয়াৰ পূৰ্বে ইৰাণে হৰমুজগান প্রদেশ আৰু বন্দৰ চহৰ মাহগ্ৰহৰত আমেৰিকাৰ আক্ৰমণৰ পাছতেই আমেৰিকাৰ সামৰিক ঘাটিসমূহত প্রতিশোধমূলক আক্রমণ চলাইছিল। ইৰাণৰ সংবাদ মাধ্যমৰ অনুসৰি ইছলামিক বিভলেচনাৰী গার্ড ক’ৰৰ নৌ সেনা আৰু বায়ুসেনা বাহিনীয়ে যৌথভাবে ক্ষেপনাস্ত্র আৰু ড্রোনৰ আক্ৰমণৰ জৰিয়তে আমেৰিকাৰ ৮৫টা সামৰিক ঘাটি লক্ষ্য কৰি লৈছিল। আমেৰিকাই শেহতীয়াকৈ হৰমুজ প্রণালীৰ মাজেৰে পাৰ হৈ যোৱা বাণিজ্যিক জাহাজত আক্ৰমণ কৰাৰ বাবে ইৰাণৰ ৮০টাকৈ স্থানত বিমাণ আক্রমণ চলায়। আমেৰিকাৰ চেন্ট্রেল কামাণ্ডাৰ মতে এই আক্ৰমণত ইৰাণৰ বায়ু প্ৰতিৰক্ষা প্ৰণালী, নিয়ন্ত্রণ কক্ষ, ৰাডাৰ প্ৰণালীকে ধৰি হৰমুজ প্রণালীৰ আশে পাশে আই আৰ জি চিৰ ৬০টা ঘাটি লক্ষ্য কৰি লোৱা হৈছিল। আমেৰিকাৰ মতে, ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় জাহাজ চলাচল ব্যৱস্থা দুর্বল কৰাই আছিল এই আক্ৰমণৰ মূল লক্ষ্য। ইয়াৰ উপৰিও তেহৰানে অসামৰিক বাণিজ্যিক জাহাজক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি আমেৰিকাই অভিযোগ উত্থাপন কৰিছে।
Assamese | July 8, 2026 8:34 PM | NATO Summit
টুৰ্কীৰ ৰাজধানী আংকাৰাত নাটোৰ শীৰ্ষ সন্মিলন