July 8, 2026 8:26 PM | EPFO Related

printer

EPFO সন্দৰ্ভত কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী ড° মনসুখ মাণ্ডাভিয়াৰ মন্তব্য

কৰ্মচাৰী ভবিষ্যনিধি সংস্থা EPFO ই অহা ১৫ জুলাইৰ ভিতৰত প্ৰায় ৩৪ কোটি EPF একাউণ্টত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৮ দশমিক ২-৫ শতাংশৰ সূদ জমা কৰাৰ কাম সম্পূর্ণ কৰিব। কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী ড° মনসুখ মাণ্ডাভিয়াই প্রকাশ কৰা মতে, নতুন কেন্দ্রীভূত তথ্য প্রযুক্তি আধাৰিত সেৱা ব্যৱস্থাৰে উপভোক্তাৰ একাউন্টত ১ লাখ ৪৪ হাজাৰ কোটিৰো অধিক টকা জমা কৰা হ’ব। মন্ত্ৰীগৰাকীয়ে কয়, যে কৰ্মচাৰী ভবিষ্যনিধি সংস্থাই ইয়াৰ সকলো উপভোক্তাৰ তথ্য পুৰণি বিকেন্দ্ৰীভূত পৰিকাঠামোৰ পৰা নতুন কেন্দ্রীভূত তথ্য ভাণ্ডাৰলৈ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। নতুন ব্যৱস্থাৰ অধীনত কৰ্মচাৰী ভৱিষ্যনিধিৰ সদস্যসকলে একীকৃত সদস্য প’ৰ্টেলৰ সুবিধা লাভ কৰিব আৰু তেওঁলোকে একেঠাইতে সদস্য পদৰ সবিশেষ, ভবিষ্যনিধিত জমা থকা ধনৰ পৰিমাণ, দাবীৰ স্থিতি, পেন্সন সেৱা তথ্য আৰু লাভ কৰিবলগীয়া উপকাৰৰ বিষয়ে জানিব পাৰিব। মন্ত্ৰীগৰাকীয়ে কয়, যে নতুন ব্যবস্থাত দাবীৰ স্বয়ংক্রিয় প্রাক্ সত্যাসত্য নিৰূপণৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থাৰ অধীনত ধন উলিওৱাৰ অনুৰোধ কৰ্মচাৰী ভবিষ্যনিধি কার্যালয় পোৱাৰ পূৰ্বেই প্রণালীয়ে যোগ্যতা নিৰূপণ আৰু কৰ্মচাৰীৰ পৰিচয় নিশ্চিত কৰি সদস্যসকলক অৱগত কৰিব। এই ব্যৱস্থাই দাবী প্রত্যাখানৰ ঘটনা হ্রাস কৰিব আৰু প্রথমবাৰে দাবী গ্ৰহণৰ হাৰ বৃদ্ধিত সহায় কৰিব বুলি আশা কৰা হৈছে।