July 8, 2026 8:26 PM

views 4

EPFO সন্দৰ্ভত কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী ড° মনসুখ মাণ্ডাভিয়াৰ মন্তব্য

কৰ্মচাৰী ভবিষ্যনিধি সংস্থা EPFO ই অহা ১৫ জুলাইৰ ভিতৰত প্ৰায় ৩৪ কোটি EPF একাউণ্টত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৮ দশমিক ২-৫ শতাংশৰ সূদ জমা কৰাৰ কাম সম্পূর্ণ কৰিব। কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী ড° মনসুখ মাণ্ডাভিয়াই প্রকাশ কৰা মতে, নতুন কেন্দ্রীভূত তথ্য প্রযুক্তি আধাৰিত সেৱা ব্যৱস্থাৰে উপভোক্তাৰ একাউন্টত ১ লাখ ৪৪ হাজাৰ কোটিৰো অধিক টকা জমা কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয়, যে কৰ্মচাৰী ভবিষ্যনিধি সংস্থাই ইয়াৰ সকলো উপভোক্তাৰ তথ্য পুৰণি বিকেন্দ্ৰীভূত পৰিকাঠামোৰ পৰা নতুন কেন্দ্রীভূত তথ্য ভাণ্ডাৰলৈ স্থানান্তৰি...