July 17, 2026 6:12 PM

views 4

কোচবিহাৰৰ মধুপুৰ সত্ৰক নৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্রীৰ ঘোষণাক আদৰণি মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ

কোচবিহাৰৰ মধুপুৰ সত্ৰক নৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কৰা ঘোষণাক মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আদৰণি জনাইছে। চলিত বিত্তীয়বৰ্ষত সত্ৰখনৰ উন্নয়নৰ বাবে ৩৫ কোটি টকা আৱণ্টন দিয়া ব্যৱস্থা আৰু এই ক্ষেত্ৰত পশ্চিমবংগৰ চৰকাৰৰ ল...

July 17, 2026 6:10 PM

যোৰহাটৰ জিলা আয়ুক্তৰ বৰ্তমানৰ কাৰ্যালয় স্থানান্তৰ সন্দৰ্ভত জিলা আয়ুক্ত জয় শিৱানিৰ সভাপতিত্বত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

যোৰহাটৰ জিলা আয়ুক্তৰ বৰ্তমানৰ কাৰ্যালয় চিনামৰাৰ নৱনিৰ্মিত ভৱনলৈ স্থানান্তৰ সন্দৰ্ভত জিলা আয়ুক্ত জয় শিৱানিৰ সভাপতিত্বত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা উন্নয়ন আয়ুক্ত, সম-জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী জিলা আয়ুক্ত, নির্বাচনী বিষয়া, সহকাৰী আয়ুক্তসকলৰ লগতে জিলা...

July 17, 2026 6:04 PM

views 2

ওডালগুৰি জিলাৰ ৰৌতা আদর্শ চিকিৎসালয়ে এন এইচ এছ আৰ চিৰ মুচকান কাৰ্যক্ৰমৰ অধীনত গুণগত মানৰ প্ৰমাণপত্ৰ লাভ

ওডালগুৰি জিলাৰ ৰৌতা আদর্শ চিকিৎসালয়ে এন এইচ এছ আৰ চিৰ মুচকান কাৰ্যক্ৰমৰ অধীনত গুণগত মানৰ প্ৰমাণপত্ৰ লাভ কৰে। মুচকান হৈছে ২০২১ চনত এন এইছ এছ আৰ চিৰ অধীনত মুকলি কৰা এটা পদক্ষেপ, যাৰ জৰিয়তে ১২ বছৰ বয়সলৈকে শিশুসকলৰ মৃত্যু আৰু অসুস্থতা হ্ৰাস কৰিবলৈ শিশু অনুকূল স্বাস্থ্য সেৱা নিশ্চিত কৰা। ৰাষ্ট্ৰীয় গু...

July 17, 2026 6:08 PM

views 9

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্রধানমন্ত্ৰী মোদীয়ে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৩.৩০ বজাত পঞ্জাবৰ জলন্ধৰ ছাউনী ৰেল ষ্টেচনৰ পৰা ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি কৰিব। বিকশিত ভাৰতৰ বাবে আধুনিক ৰে'ল উন্নত আন্তঃগাঁথনিৰ অধীনত এই ষ্টেচনসমূহক বিকশিত কৰি তোলা হৈছে। প্ৰতিটো ষ্টেচনকে একোটা ব...

July 17, 2026 2:40 PM

views 1

১৯ জুলাইৰ পৰা মালডোভা উত্তৰ মেসেড’নিয়া আৰু ৰোমানিয়া ভ্ৰমণৰ সূচীৰে ৰাষ্ট্ৰপতি মুৰ্মুৰ যাত্ৰা আৰম্ভ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ১৯ জুলাইৰ পৰা মালডোভা উত্তৰ মেসেড’নিয়া আৰু ৰোমানিয়া ভ্ৰমণৰ সূচীৰে যাত্ৰা আৰম্ভ কৰিব। অহা ২০ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মালডোভা ভ্ৰমণ কৰিব আৰু তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি মায়া সেন্দুৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। শ্ৰীমতী মুৰ্মুৱে মালডো...

July 17, 2026 2:40 PM

views 4

৩ দিনীয়া ভ্রমণসূচীৰে পশ্চিমবংগলৈ গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ তিনিদিনীয়া ভ্রমণসূচী লৈ আজি নিশা পশ্চিমবংগলৈ আহিব। তেওঁ শিলিগুড়িৰ বাগদোগ্রা বিমান বন্দৰত নিশা ৯ বজাত অৱতৰণ কৰিব আৰু কদমতলাত থকা সীমান্ত সুৰক্ষা বাহিনীৰ সীমান্ত মুখ্য কাৰ্যালয়ত নিশাটো কটাব। কাইলৈ শ্ৰী শ্বাহ জামাগচৰ সীমাচকীত থকা বি এছ এফৰ অষ্টাদশ বেটেলিয়নলৈ যাব। তা...

July 17, 2026 2:30 PM

views 6

পাকিস্তানত সংঘটিত মানৱ অধিকাৰ উলংঘাৰ ঘটনাত ইউৰোপীয়ান ইউনিয়নৰ উদ্বেগ প্রকাশ

পাকিস্তানত সংঘটিত মানৱ অধিকাৰ উলংঘাৰ ঘটনাত ইউৰোপীয়ান ইউনিয়নে উদ্বেগ প্রকাশ কৰিছে ইউনিয়নে সতৰ্ক কৰি দিয়ে যে জি এছ পি প্লাছ আঁচনিৰ অধীনত পাকিস্তানে বাণিজ্যিক লাভালাভ পাই থকাটো দেশখনৰ বিৰুদ্ধে উত্থাপিত অভিযোগত নিৰ্ভৰ কৰিব। ইউৰোপীয়ান আয়োগ আৰু ইউৰোপীয়ান ইউনিয়নৰ বিদেশ পৰিক্ৰমা আৰু সুৰক্ষা নীতিৰ উচ...

July 17, 2026 1:10 PM

views 16

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে বিভিন্ন বিজ্ঞান পাঠ্যক্ৰমৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দূৰৱৰ্তী শিক্ষা ব্যুৰ’ৰ অনুমোদন লাভ

উত্তৰ-পূব ভাৰতৰ একমাত্ৰ মুক্ত আৰু দূৰৱৰ্তী উচ্চ শিক্ষানুষ্ঠান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে বিভিন্ন বিজ্ঞান পাঠ্যক্ৰমৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দূৰৱৰ্তী শিক্ষা ব্যুৰ’ৰ অনুমোদন লাভ কৰিছে। বিশ্ববিদ্যালয়খনে চলিত মাহৰ পৰাই দূৰৱৰ্তী পদ্ধতিৰে গণিত, ৰসায়ন বিজ্ঞান, পদার্থ বিজ্ঞ...

July 17, 2026 1:02 PM

views 7

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱ-নিৰ্মিত টার্মিনেলে চলিত বৰ্ষৰ বিশ্বৰ আটাইতকৈ ধুনীয়া বিমান বন্দৰৰ তালিকাত স্থান লাভ

গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱ-নিৰ্মিত টার্মিনেলে চলিত বৰ্ষৰ বিশ্বৰ আটাইতকৈ ধুনীয়া বিমান বন্দৰৰ তালিকাত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। প্রিক্স ভাৰ্ছেলেইছ নামৰ সংস্থাটোৱে বিমান বন্দৰটোলৈ এই স্বীকৃতি আগবঢ়াইছে। গুৱাহাটী বিমান বন্দৰৰ উপৰি নৱী মুম্বাই আন্তঃৰাষ্ট্...

July 17, 2026 12:55 PM

views 7

অসমৰ ৰূপম গগৈ আৰু সেনাবাহিনীৰ সুদীপ সাহাৰ দ্বাদশ এছিয়ান এজ্‌ গ্রুপ একুৱেটিক্স চেম্পিয়নশ্বিপৰ চিংক্রোনাইজড ডাইভিং শাখাত স্বর্ণপদক

অসমৰ ৰূপম গগৈ আৰু সেনাবাহিনীৰ সুদীপ সাহাই কালি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত দ্বাদশ এছিয়ান এজ্‌ গ্রুপ একুৱেটিক্স চেম্পিয়নশ্বিপৰ চিংক্রোনাইজড ডাইভিং শাখাত স্বর্ণপদক অৰ্জন কৰিছে। এই শিতানত ভিয়েটনামে ৰূপৰ আৰু উজবেকিস্তানে ব্ৰঞ্জৰ পদক লাভ কৰে৷