কোচবিহাৰৰ মধুপুৰ সত্ৰক নৰূপত সজাই তোলাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কৰা ঘোষণাক মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আদৰণি জনাইছে।
চলিত বিত্তীয়বৰ্ষত সত্ৰখনৰ উন্নয়নৰ বাবে ৩৫ কোটি টকা আৱণ্টন দিয়া ব্যৱস্থা আৰু এই ক্ষেত্ৰত পশ্চিমবংগৰ চৰকাৰৰ লগত ৰাজ্য চৰকাৰে যাৱতীয় আলোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত হোৱা বাবে সমিতিয়ে সন্তোষ প্রকাশ কৰে।
এই পদক্ষেপে মধুপুৰ সত্ৰক অসমৰ জাতীয় আৰু আধ্যাত্মিক জীৱনক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত সৰ্বভাৰতীয় পৰ্যায়ত গুৰুজনাৰ অৱদানসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলিও সমিতিৰ সদস্যসকলে আশা প্রকাশ কৰে।